আমিনুৰ ৰহমান সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১৬ নৱেম্বৰ

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো সংবাদকর্মী সকলে পালন কৰিলে প্ৰেছ দিৱস। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত, শিৱসাগৰ জিলা তথ্য আৰু জনসংযোগ বিভাগ তথা শিৱসাগৰ প্ৰেছ ক্লাব আৰু শিৱসাগৰ ই-মিডিয়া সংস্থাৰ সহযোগত ৰাষ্ট্রীয় প্রেছ দিৱস উদযাপন।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰৰ প্রেছ ক্লাৱত শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত শিৱসাগৰ জিলা তথ্য আৰু জনসংযোগ বিভাগ তথা শিৱসাগৰ প্রেছ ক্লাৱ আৰু শিৱসাগৰ ই-মিডিয়াৰ সহযোগত অনুষ্ঠিত হয় এক সভাৰ। পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা সভাত শিৱসাগৰ প্রেছ ক্লাৱৰ সম্পাদক জ্যেষ্ঠ সাংবাদিক ইনামূল হাজৰিকাই আঁত ধৰা সভাত সভাপতিত্ব কৰে শিৱসাগৰ প্রেছ ক্লাৱৰ সভাপতি তথা বিশিষ্ট নিবন্ধকাৰ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সৌমাৰজ্যোতি মহন্তই। সভাত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে। সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক শোভিত ছেত্রী লগতে বিদ্যালয়ৰসমূহৰ পৰিদর্শক আব্দুল জেলিল, বিশিষ্ট কবি প্রেম গগৈ। উল্লেখ যে, এই বছৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মূল আলোচ্য বিষয় “সংবাদ মাধ্যমৰ ওপৰত ক’ভিড-১৯ অতিমাৰীৰ প্ৰভাৱ আৰু এই সময়ত সংবাদমাধ্যমৰ ভূমিকা”-ৰ ওপৰত এক বিস্তৃত বক্তৃতা প্ৰদান কৰে সাংবাদিক শোভিত ছেত্রীয়ে। সভাৰ তার্পয্য ব্যাখ্যা কৰে সাংবাদিক ভৈৰৱ মুণ্ডাই।

সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়াই জিলা তথ্য আৰু জনসংযোগ বিষয়া হাচনা হানা বেগমে। উক্ত অনুস্থানত
ছপা মাধ্যম, বৈদ্যুতিন মাধ্যম আৰু তৰংগ মাধ্যমৰ ভালেসংখ্যক সংবাদকর্মী উপস্থিত থাকে।