নলবাৰী
১৬ নৱেম্বৰ

সভাত ভাষণ দি থাকোতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সন্মুখীন হ’ল এগৰাকী মহিলাৰ ক্ষোভৰ। মন্ত্ৰী গৰাকীৰ সন্মুখতে মহিলা গৰাকীয়ে উদঙাই দিলে বিজেপিৰ আঁচনি সমূহত চলি থকা দালালৰাজ। বিজেপিৰ একাংশ কৰ্মীৰ সাংবাদিকক দৃশ্য গ্ৰহণ কৰাত বাধা প্ৰদান।

বিভিন্ন চৰকাৰী আঁচনিৰ ঢোল বজাই থকা বিজেপি চৰকাৰখনৰ আঁচনিৰ ঢোল প্ৰকৃততে যে ফটা ঢোল সেইয়া মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক বুজাই দিলে এগৰাকী মহিলাই। বিজেপি চৰকাৰৰ আঁচনি সমূহত দালালৰাজ চলি থকাৰ অভিযোগ বিভিন্ন সময়ত উথাপিত হৈ থকাৰ মাজতে নলবাৰীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ এক সভাত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে এগৰাকী মহিলাই। সভা চলি থকা অৱস্থাতে মন্ত্ৰীগৰাকীৰ সমুখতে এগৰাকী মহিলাই ক্ষোভ উজাৰি বিজেপি চৰকাৰৰ বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ কৰে। সভাত বিজেপি চৰকাৰৰ বিভিন্ন আঁচনি সমূহৰ সন্দৰ্ভত ভাষণ দি থকা সময়তে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত মহিলা গৰাকীয়ে বিজেপি চৰকাৰৰ বিভিন্ন আঁচনি সমূহত প্ৰকৃততে দালালৰাজ চলি আছে বুলি অভিযোগ কৰে। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গৃহ সমষ্টি ধৰ্মপুৰৰ বেলশৰৰ এক সভাত ভাষণ দি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা।

ইফালে সভাৰ মাজতে উত্তেজিত হৈ এগৰাকী মহিলাই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সন্মুখত ক্ষোভ উজাৰি মন্ত্ৰী গৰাকীক তুলা ধুনা দি থকা দৃশ্য সাংবাদি সকলে নিজ নিজ কেমেৰাত আৱদ্ধ কৰি থকা দেখি বিজেপিৰ একাংশ কৰ্মীয়ে সাংবাদিক সকলক বাধা প্ৰদান কৰা দেখা যায়। ঘটনাৰ দৃশ্য সংগ্ৰহ কৰি থকা অৱস্থাত সাংবাদিকক কেমেৰা বন্ধ কৰিবলৈ ভাবুকি দিয়ে বিজেপিৰ একাংশ কৰ্মীয়ে।