মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও

২৫ নৱেম্বৰ

বিটিচিৰ ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ ছেৰফাংগুৰীত বিপিএফ দলৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা।সভাত অৰ্ধশতাধিক লোকে যোগদান কৰিলে বিপিএফ দলত। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলক তীব্ৰ আক্ৰমণ বিপিএফ নেতা সকলৰ।

অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি বিভিন্ন ভংগীমাৰে ভাষণ দি ৰাইজক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে৷ বিজেপি দল ভাষণ বাজিত পটু আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰাত পাকৈত৷ বিপিএফ দলে মিছা প্ৰতিশ্ৰুতি প্ৰদান নকৰে৷ ৰাইজৰ হকে যি কাম কৰিব সেয়া স্পষ্ট ভাষাত প্ৰকাশ কৰে আৰু হাতে কামে কৰি দেখুৱাই বিপিএফ দলৰ নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলক এইদৰে আক্ৰমণ চলালে বিপিএফ নেতা ধব্ৰকুমাৰ ব্ৰক্ষ নাৰ্জাৰীয়ে৷ ছেৰফাংগুৰী প্ৰাইমাৰী বিপিএফৰ সভাপতি বাসুদেৱ সেনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত গোসাইগাঁও জিলা বি পিএফৰ সভাপতি ব্ৰক্ষ নাৰ্জাৰীয়ে অংশ গ্ৰহন কৰি কয় যে জিএছপি, ইউপি পিএল, বিজেপি দলৰ চৰকাৰ বিটিচিত নহয়, বিপিএফ দলৰে চৰকাৰ হ’ব সেয়া নিশ্চিত সেই হেতুকে অন্য দলক ভোট প্ৰদান কৰি আপোনাৰ মূল্যবান ভোট নষ্ট কৰাতকৈ চৰকাৰ গঠন কৰা দলক ভোট প্ৰদান কৰাৰ বাবে ৰাইজক আহ্বান জনায়৷ সভাত বিপিএফ দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য আনোৱাৰ হুচেইনে শ্ৰীৰামপুৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সজল সিংহক সমালোচনা কৰি কয় যে তেখেতক জনপ্ৰতিনিধি বনাই লাভ নাই কাৰণ তেওঁ এগৰাকী ব্যৱসায়ী লোক৷ সাজল সিংহক বিজয় হ’লে ৰাইজৰ বাবে তেওঁক সাক্ষাৎ পোৱাটো কঠিন হৈ পৰিব৷ ইফালে নিৰ্দলীয় প্ৰাৰ্থী হাফিজুল ইচলামকো ক্ষুৰধাৰ সমালোচনা কৰে বিপিএফৰ নেতা গৰাকীয়ে৷ সভাত শ্ৰীৰামপুৰ সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী আব্দুল খালেক মণ্ডলে নিজৰ ভাষণত ৰাইজৰ ওচৰত ভোট বিচাৰি কয় যে ৰাইজ তেওঁৰ লগত আছে আৰু তেওঁ বিপুল ভোটৰ ব্যৱধানত বিজয় হোৱাটো নিশ্চিত৷

সভাত বিপিএফৰ নেতা মোন্নাফ শ্বেখ, নেএী শাহানাজ বেগমও উপস্থিত আছিল৷ উক্ত সভাত বিপিএফ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ জিএছপি আৰু কংগ্ৰেছ দল ত্যাগ কৰি অৰ্ধশতাধিক পুৰুষ মহিলাই বিপি এফত যোগদান কৰে৷