নাহৰকতিয়া, সংবাদ ৩৬৫, ৪ মাৰ্চ: বাঘ আৰু মানুহৰ সংঘাত প্ৰায়ে অসমৰ বিভিন্ন অঞ্চলত দেখিবলৈ পোৱা যায়। বন বিভাগৰ পিঞ্জৰাত বাঘ আবদ্ধ হোৱাৰ দৃশ্যও অসমবাসীৰ বাবে নতুন নহয়। কিন্তু এইবাৰ ৰাইজে পতা পিঞ্জৰাত আবদ্ধ হৈছে বান্দৰ। তাকো এটা দুটা নহয় ৩৫ টাকৈ বান্দৰ একেলগে ৰাইজৰ পিঞ্জৰাত আবদ্ধ হৈছে। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ উষাপূৰ খনিকৰ গাঁৱত একেলগে ৩৫টাকৈ বান্দৰ পিঞ্জৰাবদ্ধ হৈছে। পিঞ্জৰাবদ্ধ হোৱা বান্দৰৰ জাকটোক চাবলৈ কেইবাশ পুৰুষ মহিলাৰ লগতে শিশুসকল ওলাই আহে বান্দৰ পিঞ্জৰাবদ্ধ হোৱা ঠাই লৈ। কোনোবাই যদি বান্দৰৰ ফটো লৈছে, কোনোৱে আকৌ বান্দৰ জাকটোক জোকাই লৈছে ৰং। আচলতে এই অঞ্চলটোত দীর্ঘদিন ধৰি বান্দৰৰ অত্যাচাৰত ত্ৰাহি মধুসূধন দেখিছিল অঞ্চলটোৰ ৰাইজে। বান্দৰৰ অত্যাচাৰত ৰাইজে আনকি খেতি কৰিবলৈ বাদ দিবলগীয়া হৈছিল। বান্দৰৰ অত্যচৰৰ পৰা ৰক্ষা পাবলৈ অঞ্চলবাসীয়ে বন বিভাগক বাৰম্বাৰ অৱগত কৰাৰ পিচতো বন বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ ফলত উপায়ন্তৰ হৈ অৱশেষত অঞ্চলবাসীয়ে গাঁঠিৰ ধন ভাঙি নিৰ্মান কৰে এটা বাঁহৰ বৃহৎ পিঞ্জৰা আৰু এই পিঞ্জৰাতে অৱশেষত বন্দী হয় ৩৫ টাৰো অধিক বান্দৰ। উল্লেখ্য যে বান্দৰ কেইটা ধৰি ৰাইজ আনন্দিত যদিও এতিয়াও অঞ্চলটোত থকা শতাধিক বান্দৰক লৈ তীব্ৰ আশংকাত ভুগিছে অঞ্চলবাসী। সেয়েহে বান্দৰ কেইটা নিবলৈ অহা বন বিভাগৰ লোকক ৰাইজে দাবী জনায় যে শীঘ্ৰেই আন কেইটা বান্দৰক ধৰাৰ ব্যৱস্থা কৰি অঞ্চলবাসীক বান্দৰৰ সন্ত্ৰাসৰ পৰা ৰক্ষা কৰে যেন।