ডিগবৈৰ পৰা বিজয় সূত্ৰধাৰ, সংবাদ ৩৬৫, ৩ মাৰ্চ: তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত মিলন নগৰ পাথৰ লাইনত শনিবাৰে নিশা প্ৰায় ৭ মান বজাত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। বিক্ৰম মাঝি নামৰ লোক এজনৰ ঘৰত সংঘটিত হোৱা অগ্নিকাণ্ডত এখন ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয় যদিও এই ঘটনাত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই। অগ্নিকাণ্ডৰ খবৰ পাই অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই ৰাইজে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজ তথা পৰিয়ালৰ লোকে।