ধুবুৰী, সংবাদ ৩৬৫, ৪ মাৰ্চ: ধুবুৰী জিলাৰ গোলকগঞ্জৰ আগমনিত দেওবাৰে আৰক্ষীয়ে ফেন্সিডাইলসহ দুজনকৈ যুৱক আটক কৰিবলৈ সক্ষম হয়। ধৃত যুৱক দুজনে বাইকেৰে ফেন্সিডাইলৰ বেগ লৈ ধুবুৰী অভিমুখে যাত্ৰা কৰি থাকোতে ধুবুৰী জিলাৰ আগমনি আৰক্ষীয়ে যুৱক দুজনক আটক কৰে। আৰক্ষীয়ে যুবক দুজনৰ পৰা বৃহৎ সংখ্যক ফেন্সিডাইলৰ বটল উদ্ধাৰ কৰে। ধৃত যুবক দুজন ছাইফুল আলী আৰু মিনহাজ আলী বুলি জানিব পৰা গৈছে। যুৱক দুজন ধুবুৰী জিলাৰ কৈমাৰীৰ বাসিন্দা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে, ধুবুৰী জিলাৰ অসম বাংলাদেশ আৰু অসম পশ্চিম বংগৰ সীমান্ত অঞ্চলসমূহত নিচাজাতীয় দ্ৰব্যৰ অবৈধ ব্যৱসায়ীৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।