মিৰ্জা 

১৫ নৱেম্বৰ

সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ প্ৰতিক্ৰিয়া মাৰ নাযাওঁতে পুনৰ সাংবাদিকক আক্ৰমণ। বিদ্যুৎৰ খুটাত বান্ধি সাংবাদিকক প্ৰহাৰ একাংশ লোকৰ। সাংবাদিক গৰাকীৰ আক্ৰমণত দক্ষিণ কামৰূপৰ ভু-মাফিয়া তথা জুৱাৰীৰ দল জড়িত থকাৰ অভিযোগ।

ৰাজ্য কঁপাই যোৱা তিনিচুকীয়া জিলাৰ কাকপথৰৰ প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ প্ৰতিক্ৰিয়া মাৰ নাযাওঁতে পুনৰ আক্ৰমণৰ বলি হ’ল এগৰাকী সাংবাদিক। এইবাৰ দক্ষিণ কামৰূপৰ মিৰ্জাত সাংবাদিকক জুৱাৰীয়ে গণপ্ৰহাৰ কৰি হত্যাৰ চেষ্টা চলালে। পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত তিনিআলীত জুৱাৰীৰ দলে মিলন মহন্ত নামৰ সাংবাদিক গৰাকীক লাইটৰ পোষ্টত বান্ধি নিৰ্মমভাৱে গণপ্ৰহাৰ কৰে। বৰিহাট নিবাসী তথা গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতৰ মিৰ্জা আৰু বৰিহাটৰ সংবাদকৰ্মী মিলন মহন্তক তিনিআলী চকত বজাৰ কৰি থকা অৱস্থাত দেওবাৰে দুপৰীয়া সঞ্জয় ঠাকুৰীয়া নামৰ ভু-মাফিয়া তথা জুৱাৰীগৰাকীৰ নেতৃত্বত একাংশ লোকে খেদি আহি অতৰ্কিতে গণ প্ৰহাৰ কৰি সাংবাদিক গৰাকীক ৰাজপথৰ কাষত থকা লাইট পোষ্টত বান্ধি লৈ বৰ বেয়াকৈ প্ৰহাৰ কৰে। গণপ্ৰহাৰত গুৰুত্বৰভাৱে আহত হোৱা মিলন মহন্তক স্থানীয় দুজনমান সচেতন লোকে কোনোমতে জুৱাৰীৰ দলটোৰ ৰোষৰ পৰা উদ্ধাৰ কৰে। ইয়াৰ মাজতে পলাশবাৰী আৰক্ষী কিছু সময় পিছতে ঘটনাস্থলীত উপস্থিত হয় যদিও সাংবাদিক মিলন মহন্তক উদ্ধাৰ কৰাৰ সলনি আৰক্ষীয়ে ৰহস্যজনক ভূমিকাহে গ্ৰহণ কৰা বুলি দল-সংগঠনে অভিযোগ উত্থাপন কৰিছে। পিছত আৰক্ষীয়ে দল-সংগঠনৰ সহযোগত মিলন মহন্তক উদ্ধাৰ কৰি থানালৈ আনি চিকিৎসা গ্ৰহণৰ ব্যৱস্থা কৰে।

ঘটনাৰ পিছতে বৰিহাটৰ বহু লোক পলাশবাৰী আৰক্ষী থানাত উপস্থিত হৈ দল-সংগঠনৰ সহযোগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি ভূ-মাফিয়া সঞ্জয় ঠাকুৰীয়াক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। আৰক্ষীয়ে ২৪ ঘণ্টাৰ ভিতৰত সঞ্জয় ঠাকুৰীয়াক গ্ৰেপ্তাৰ নকৰিলে বৰিহাটবাসী ৰাইজ দল-সংগঠনৰ সহযোগত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। গুৰুত্বৰভাৱে আহত মিলন মহন্তই ভূ-মাফিয়া সঞ্জয় ঠাকুৰীয়াৰ লগতে সাংবাদিক গৰাকীক আক্ৰমণৰ লগত জড়িত ব্যক্তি সকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।