মুস্তাক আহমেদ

জুৰীয়া

১৫ নৱেম্বৰ

জুৰীয়াৰ গুলিৰপাৰ চৰত চাঞ্চল্যকৰ ঘটনা। বনৰীয়া গাহৰিৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত চাৰি জনকৈ লোক। খেতিৰ কাম কৰি থকা অৱস্থাত লাওখোৱা অব্যৰণ্যৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড গাহৰিয়ে আক্ৰমণ কৰে লোক কেইজনক।

নগাঁও জিলাৰ জুৰীয়াৰ অন্তৰ্গত গুলিৰপাৰ চৰত বনৰীয়া গাহৰিৰ আক্ৰমণত চাৰি জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে। জানিব পৰা মতে খেতি পথাৰত কাম কৰি থকা অৱস্থাত লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড বনৰীয়া গাহৰিয়ে খেতি পথাৰত কাম কৰি থকা লোক সকল আক্ৰমণ কৰে। বনৰীয়া গাড়ীটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা লোক চাৰি জন হৈছে ক্ৰমে মৰজিনা বেগম, শাহ আলী, সুলতানা বেগম আৰু শমৰ জান। বনৰীয়া গাহৰিৰ আক্ৰমণত আহত চাৰিও জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও ইয়াৰে মৰজিনা খাতুন নামৰ শিশুটিৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। উন্নত চিকিৎসাৰ বাবে মৰজিনা খাতুন নামৰ শিশুটিক নগাঁৱলৈ প্ৰেৰন কৰা হৈছে।

উল্লেখ্য যে নগাঁও জিলাৰ লাওখোৱা অভয়াৰণ্যৰ কাষৰীয়া গাঁও সমূহত দিনক দিনে ব্যাপক হাত বৃদ্ধি পাবলৈ ধৰিছে বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত। যোৱা জুলাই মাহৰ ২৪ তাৰিখে জুৰীয়াৰ বৰালিমাৰিত বনৰীয়া গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল ছয় জনকৈ লোক। দুটি পৰিয়ালৰ বাসগৃহৰ ভিতৰত প্ৰৱেশ কৰি বনৰীয়া গাহৰিয়ে আক্ৰমণ চলাই আঘাতপ্ৰাপ্ত কৰিছিল ছয়জনকৈ লোকক।