মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও

১৫ নৱেম্বৰ

বিটিচিৰ শ্ৰীৰামপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীৰ সমৰ্থনত বিশাল নিৰ্বাচনী সভা। বিভিন্ন দল ত্যাগ কৰি দুই শতাধিকৰ কংগ্ৰেছত যোগদান। ৰাজনৈতিক দল সমূহক নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰাই ভোট বিভাজনৰ অপচেষ্টা প্ৰতিহত কৰাৰ আহ্বান ওৱাজেদ আলী চৌধুৰীৰ।

কৰ’ণা মহামাৰী বাবে আঠ মাহ।ধৰি স্থগিত হৈ থকা বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানেই ৰাজনৈতিক দল সমূহৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। বিটিচিত ১৭ বছৰ ধৰি শাসন চলাই থকা হাগ্ৰাম মহিলাৰীৰ বিপিএফ দল, শেহতীয়া কৈ বিপিএফ দলৰ বাবে বড়ো ভূমিত বৃহৎ প্ৰত্যহ্বান হিচাপে থিয় দিয়া প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউপিপিএল দলৰ লগতে কংগ্ৰেছ, এআইইউডিএফ বিজেপি আৰু হীৰা শৰণীয়াৰ নেতৃত্বত গঢ় লৈ উঠা গণসুৰক্ষা পাৰ্টীৰ সমান্তৰালে নিৰ্দলীয় প্ৰাৰ্থী সকলে তীব্রতৰ কৰি তুলিছে প্ৰচাৰ অভিযান। দেওবাৰে কংগ্ৰেছ দলে বিটিচিৰ ৩ নম্বৰ শ্ৰীৰামপুৰ সমষ্টিৰ অন্তৰ্গত তথা আদিবাসী অধ্যুষিত ফাইলাগুৰী (মাছখেলি)ত কংগ্ৰেছ প্ৰাৰ্থী সজল কুমাৰ সিংহৰ সমৰ্থনত এক বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। হাতীধুৰা ব্লক কংগ্ৰেছৰ সম্পাদক মিখেল মুৰ্মুৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ওৱাজেদ আলী চৌধুৰীয়ে শ্ৰীৰামপুৰৰ পৰা সজল কুমাৰ সিংহৰ জয় নিশ্চিত বুলি দাবী কৰে। ওৱাজেদ আলী চৌধুৰীয়ে সাংবাদিকৰ আগত কয়, যে ‘কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে সকলো জাতি জনগোষ্ঠীৰ সমৰ্থন লাভ কৰি বিপুল ভোটত জয়ী হোৱাটো কেৱল সময়ৰ অপেক্ষা। একাংশ নিৰ্দলীয় প্ৰাৰ্থী সকলে এই বিষয়টো উপলদ্ধি কৰিছে যাৰ ফলত সজল সিংহৰ বিৰুদ্ধে এই নিৰ্দলীয় প্ৰাৰ্থী সকলে আক্ৰমনাত্মক হৈ পৰা পৰিলক্ষিত হৈছে। তিনি দিন পূৰ্বে শ্ৰীৰামপুৰ সমষ্টিৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ আহি বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে সজল সিংহক যি ধৰনে ব্যক্তিগত আক্ৰমণ কৰি আৰু সাম্প্ৰদায়িক বক্তব্য দি প্ৰদান কৰিলে ইয়াৰ পৰা প্ৰমান হৈছে যে সজল কুমাৰ সিংহক তেওঁলোকে ৰাজনৈতিক ভাৱে প্ৰতিদ্বন্দ্বিতা কৰাত ব্যৰ্থ হৈ এতিয়া ভয় ভাবুকি দিবলৈ ধৰিছে বুলিও মন্তব্য কৰে ওৱাজেদ আলী চৌধুৰীয়ে।শ্ৰীৰামপুৰৰ সচেতন ভোটাৰ কংগ্ৰেছ-এআইইউডিএফৰ লগত আছে গতিকে লেতেৰা ৰাজনীতি কৰি লাভ নাই বুলি কয় বিধায়ক চৌধুৰীয়ে। তেওঁ আৰু কয় যে ‘শ্ৰীৰামপুৰ সমষ্টিত বিপিএফ দলে পাঁচ-ছয় জন নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰাই কংগ্ৰেছৰ ভোট বিভাজনৰ চেষ্টা কৰাৰ পাছত বিজেপি দলে নিজে প্ৰাৰ্থী প্ৰদান নকৰি এজন নিৰ্দলীয় প্ৰাৰ্থীক সমৰ্থন আগবঢ়াই কাৰ স্বাৰ্থ পূৰণ কৰিব বিচাৰিছে সেয়া ক্ৰমাৎ স্পষ্ট হ’বলৈ ধৰিছে। বিভাজন আৰু বিভেদৰ ৰাজনীতি কৰা দল তথা দালালৰূপী একশ্ৰেণীৰ নিৰ্দলীয় প্ৰাৰ্থী সকলৰ চৰিত্ৰ ৰাইজৰ আগত ক্ৰমাৎ প্ৰকাশ পাই আছে। এই সকল ভোট বিভাজনকাৰীক প্ৰতিহত কৰি ১২ গৰাকী প্ৰাৰ্থীৰ ভিতৰত যোগ্য প্ৰাৰ্থী গৰাকীক বিপূল ভোটত জয়ী কৰাবলৈ শ্ৰীৰামপুৰ সমষ্টিৰ ভোটাৰ ৰাইজক অনুৰোধ জনায় বিধায়ক ওৱাজেদ আলী চৌধুৰীয়ে।

উক্ত সভাতে বিজেপি, অবড়ো সুৰক্ষা সমিতি আৰু বিপিএফ দল এৰি দুই শতাধিক মহিলাই কংগ্ৰেছ দলত যোগদান কৰে। সভাত ৩ নম্বৰ শ্ৰীৰামপুৰ সমষ্টিৰ কংগ্ৰেছ দলৰ সমৰ্থিত প্ৰাথী সজল কুমাৰ সিংহ, কোকৰাঝাৰ জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি মমিনুৰ ইছলাম, জিলা সম্পাদক তথা শ্ৰীৰামপুৰ সমষ্টিৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ সভাপতি নুৰ আলম শ্বেখ, কংগ্ৰেছৰ স্থানীয় জ্যেষ্ঠ নেতৃবৃন্দৰ লগতে আদিবাসী সম্প্ৰদায়ৰ বিশিষ্ট ব্যক্তিবৰ্গ আৰু গাঁওবুঢ়াকে ধৰি সহস্ৰাধিক ৰাইজ উলস্থিত থাকে।