হোজাই, সংবাদ ৩৬৫, ২৫ জানুৱাৰী : একাংশ দালাল তথা মধ্যভোগীৰ দপদপনি হোজাই জিলাত।হোজাই জিলাৰ গোপন স্থানত এফ চি আইৰ অবৈধ ধান ক্ৰয় কেন্দ্র আৰু ভাণ্ডাৰ ৷ সাধাৰন তথা স্থানীয় কৃষকক মাধমাৰ শোধাইছে একাংশ দালাল তথা মধ্যভোগীয়ে।

বহিৰাগত বনিয়া আৰু মধ্যভোগীৰ হাতোৰাত বন্দী হৈ পৰিছে এতিয়া অসমৰ কৃষক৷ শ শ বিঘা খেতি পথাৰ দখল কৰি মিল স্থাপন কৰি মাত্ৰ ২০০টকা হাজিৰাৰে শ্ৰমিক আইন উলংঘা কৰি স্থানীয় লোকক বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰি কোটি কোটি টকা লুন্ঠন কৰিছে আদিত্য এগ্ৰ’ গ’ড’নছ এণ্ড পেকেজিং নামৰ ফেক্টৰীটোৱে ।

উল্লেখ কৰিব পাৰি যে এই ফেক্টৰীটো অসমৰ সৰ্ববৃহৎ ফেক্টৰী। যিটোৰ স্বত্বাধিকাৰী গৌতম চুৰেখা নামৰ এজন ব্যৱসায়ী।