দৰং, সংবাদ ৩৬৫, ২৬ জানুৱাৰী : দৰং জিলাৰ বাহমোল্লা প্ৰাথমিক বিদ্যালয়ে অতিক্ৰম কৰিলে শতবৰ্ষ। ১৯২১ চনতে স্থানীয় লোকৰ প্ৰচেষ্টাত স্থাপিত হোৱা বিদ্যালয়খনৰ শতাব্দী অনুষ্ঠানৰ ২৬ জানুৱাৰী দেওবাৰৰ পৰা শুভাৰম্ভ কৰা হয়।

অহা বছৰৰ অৰ্থাৎ ২০২১চনৰ ২২,২৩ আৰু ২৪জানুৱাৰী তাৰিখে বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে অনুস্থানৰ সামৰণি পৰিব।

দেওবাৰৰ এই উদ্বোধনী অনুষ্ঠানত অঞ্চলটোৰ কেইবা শতাধিক লোক উপস্থিত থাকে। আহ্বায়ক সমিতিৰ হৈ সভাপতি চিৰাজুল হকে সমগ্ৰ অসমবাসীৰ আশীষ আৰু শুভকামনা বিচাৰে।

ইফালে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি কণ কণ ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন , ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।