গুৱাহাটী, সংবাদ ৩৬৫, ৩ ফেব্ৰুৱাৰী: এলএনআইপিই ইণ্ডোৰ ষ্টেডিয়াম, সোণাপুৰ, গুৱাহাটীত এচ্‌আইপি একাডেমী ইণ্ডিয়া প্ৰাইভেট লিমিটেড্‌এ দেওবাৰ,২ ফেব্ৰুৱাৰীত সফলতাৰে ক্ষেত্ৰীয় ‘এচ্‌আইপি অসম প্ৰডিজি’ অনুষ্ঠিত কৰে। গুৱাহাটীৰ এলএনআইপিই ইণ্ডোৰ, সোণাপুৰত অনুষ্ঠিত হোৱা কাৰ্যক্ৰমত গুৱাহাটী, তেজপুৰ, শিলচৰ, ডিফু, নলবাৰী, শ্বিলঙ, কৰিমগঞ্জৰ ২০ এচ্‌আইপি এবেকাচ প্ৰশিক্ষণ কেন্দ্রৰ অন্তৰ্গত ৬ৰপৰা ১২বছৰ বয়সৰ ভিতৰৰ ২০০০ লৰা-ছোৱালীয়ে ভাগ লয়।

‘এচ্আইপি প্ৰডিজি প্ৰতিযোগিতাই লিমকা বুক অফ্‌ নেচ্‌নেল ৰেকৰ্ডত চাৰি বাৰ প্ৰদৰ্শিত হয়। এচ আইপি একডেমী ভাৰত একমাত্ৰ ভাৰতীয় এবেকাচ কোম্পানী যিয়ে ৫ বাৰ ভাৰতত আৰু বিদেশত আন্তঃৰাষ্ট্ৰীয় এবেকাছ আৰু মানসিক এৰিথমেটিক প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে।

“ছাত্ৰসকলক তেওঁলোকৰ একাগ্ৰতা, আত্মবিশ্বাস, বুদ্ধি, গতি আৰু সঠিকতাৰ ওপৰত পৰীক্ষা কৰা হ’ল। এই লৰা-ছোৱালীৰ মাজত থকা প্ৰতিযোগিতাৰ ভাব আৰু আত্মবিশ্বাস দেখি আনন্দিত হওঁ। জীৱনৰ বাবে অতি আৱশ্যক” বুলি জানিবলৈ দিয়ে দিনেশ ভিক্টৰ, সঞ্চালক, এচআইপি একডেমী ভাৰত প্ৰাইভেট লিমিটেড্‌।

এচ আইপি একডেমী ভাৰতৰ বিষয়ে এচআইপি একডেমী ভাৰত প্ৰাইভেট লিমিটেড্‌ এটা শিশু কৌশল বিকাশ সংস্থা যাৰ মুখ্য কাৰ্য্যালয় ভাৰতৰ চেন্নাইত অৱস্থিত। এচআইপি একডেমী ভাৰতৰ দ্বাৰা আগবঢ়োৱা কাৰ্যক্ৰমসমূহ বছৰ বছৰ ধৰি কৰা অনুসন্ধান আৰু প্ৰশিক্ষণৰ পিছতহে বিকশিত কৰি তোলা হয় আৰু সেইবোৰ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ হয়। এই কাৰ্যক্ৰমবোৰে লৰা-ছোৱালীৰ কৌশলগত দিশবোৰ বিকশিত কৰাত মনোযোগ দিয়ে। ৬ৰপৰা১২ বছৰ বয়সৰ লৰা-ছোৱালীৰ বাবে থকা এই কাৰ্যক্ৰমে মানসিক এৰিথমেটিক নামৰ এবেকাছ পদ্ধতি এটাক একীকৃত কৰে, যিয়ে লৰা-ছোৱালীৰ মগজুৰ শক্তি বঢ়োৱাত সহায় কৰে। প্ৰোগ্ৰাম ২৫০০তকৈও অধিক কেন্দ্ৰৰ লগত সমগ্ৰ বিশ্বত ১৪খন দেশত উপলব্ধ।

এচ আইপি একডেমী ভাৰত বিশ্বৰ ভিতৰত একমাত্ৰ এবেকাছ কোম্পানী যিয়ে লৰা-ছোৱালীৰ মানসিক গণনা শক্তি ৫ গুণ বৃদ্ধি কৰাৰ গেৰাণ্টি দিয়ে।

এচ আইপি একডেমী ভাৰত প্ৰাইভেট লিমিটেড ক ২০১৫ চনত ৱৰ্ল্ডৰ ৱাইড আৰ্কাইভ দ্বাৰা ভাৰতত লৰা-ছোৱালীৰ কৌশলগত বিকাশত সৰ্বশ্ৰেষ্ঠ প্ৰশিক্ষন অনুষ্ঠান হিচাপে সন্মানিত কৰে।