গুৱাহাটী, সংবাদ ৩৬৫, ৩ ফেব্ৰুৱাৰী : গুৱাহাটীৰ নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতালত সম্পন্ন হ’ল আন এক জটিল চিকিৎসা। মাত্ৰ ১৫ বছৰীয়া এগৰাকী কিশোৰীৰ দেহত বিএমভি শীৰ্ষক এক পাৰ্কিউটেনাছ পদ্ধতিৰে সফলতাৰে এক জটিল চিকিৎসা সম্পন্ন কৰে। গুৱাহাটীস্থ নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতালৰ বিশেষজ্ঞ কাৰ্ডিঅ’ল’জিষ্ট ডাঃ দীপাংকৰ দাসৰ তত্বাৱধানত সম্পন্ন হৈছিল এই চিকিৎসা।

লখিমপুৰৰ নয়নমণি গগৈ নামৰ এগৰাকী ৰোগীয়ে আৰএইচডি-মাইট্ৰেল ষ্টেন’ছিছত আক্ৰান্ত হৈছিল। এই ৰোগত হৃদযন্ত্ৰৰ ভিতৰৰ ভাল্ভবোৰৰ এটা ভাল্ভ ঠেক হৈ পৰে বা টান খাই ধৰে। এই ৰোগত আক্ৰান্ত হোৱা বাবেই খোজ কাঢ়োতে শ্বাস-প্ৰশ্বাস লোৱাত যথেষ্ট সমস্যাৰ সমূখীন হোৱা ৰোগীগৰাকী এবছৰৰো অধিক সময় ধৰি শয্যাশায়ী হৈ থাকিবলৈ বাধ্য হৈছিল।

উল্লেখ্য যে এনে ৰোগীসকলক অপেন হাৰ্ট ছাৰ্জাৰীৰ জৰিয়তে ভাল্ভ সংৰোপন কৰি চিকিৎসা সম্পাদন কৰা হয়।

পোন প্ৰথমবাৰৰ বাবে নাৰায়ণা ছুপাৰস্পেচিয়েলিটি হাস্পতাল গুৱাহাটীয়ে এক বিশেষ পদ্ধতি অৱলম্বনেৰে ৰোগীগৰাকীৰ চিকিৎসা সম্পাদন কৰে। এই চিকিৎসাত পিটিএমচি বা বিএমভি (বেলুন মাইট্ৰেল ভাল্ভোট’মী) শীৰ্ষক এক পাৰ্কিউটেনাছ পদ্ধতি অৱলম্বন কৰা হৈছিল আৰু এক উচ্চ চাঁপ প্ৰয়োগ কৰি ফুলাই তোলা বেলুনেৰে ৰোগীগৰাকীৰ ভাল্ভটো খুলি দিয়া হৈছিল। ইয়াৰ পিছতেই তাৎক্ষণিকভাৱে ৰোগীগৰাকীয়ে লক্ষণগত উপশম লাভ কৰিছে।

উল্লেখ্য যে বিএমভি প্ৰযুক্তিত ভাল্ভ সংৰোপনৰ তুলনাত উন্নত আৰু তাৎক্ষণিক উপশম প্ৰদান কৰিব পৰা ব্যৱস্থা থকাৰ লগতে সংৰোপনৰ তুলনাত এই চিকিৎসা পদ্ধতিত ৰোগীৰ মৃত্যু হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ। এই প্ৰক্ৰিয়া বিৰল নহয় যদিও উত্তৰ-পূৱত ইয়াৰ ব্যৱহাৰ সততে কৰা নহয়। কিন্তু এই চিকিৎসা সফলতাৰে সম্পন্ন হোৱাৰ পিছত তেনে ৰোগীসকলৰ ক্ষেত্ৰত অনাগত সময়ত এই পদ্ধতিয়ে যে জনপ্ৰিয়তা লাভ কৰিব সেয়া নিশ্চিত, কিয়নো ইয়াৰ ফলত অপেন হাৰ্ট ছাৰ্জাৰীৰ প্ৰয়োজনীয়তা নাথাকিব।