মেঘালয়, সংবাদ ৩৬৫, ১৫ এপ্ৰিল : মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছত বুধবাৰে মেঘালয়ত এজন ব্যক্তিৰ মৃত্যু হোৱাৰ পিছতে ৰাজ্যখনত ছয় জনকৈ ব্যক্তিৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই নিজৰ টুইট যোগে মেঘালয়ত ছয় জনকৈ ব্যক্তি কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাৰ কথা সদৰী কৰে।

উত্তৰ পূবত মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা ব্যক্তিৰ সংখ্যাৰ ক্ষেত্ৰত অসমৰ পিছতে আছে চুবুৰীয়া ৰাজ্য মেঘালয়। কিছুদিন পূৰ্বলৈকে মেঘালয়ত এজনো কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত ব্যক্তি ধৰা পৰা নাছিল যদিও মঙলবাৰে ৰাজ্যখনৰ বেথানী হস্পিতালৰ স্বত্বাধিকাৰী তথা চিকিৎসক ডঃ জন এল ছাইলো ৰিণ্টাথিয়াঙৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ডঃ জন এল ছাইলো ৰিণ্টাথিয়াঙ মঙলবাৰে কভিড-১৯ কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্রান্ত বুলি পোহৰলৈ অহাৰ এদিন পিছতে অৰ্থাৎ বুধবাৰে মৃত্যু হয় বেথানী হস্পিতালৰ স্বত্বাধিকাৰী তথা চিকিৎসক গৰাকীৰ। ইয়াৰ পিছতে ৰাজ্যখনত আৰু ছয় গৰাকী ব্যক্তিৰ শৰীৰত কভডি-১৯ কৰ’ণা ভাইৰাছ ধৰা পৰে। বুধবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই নিজৰ টুইট যোগে সদৰী কৰে যে ৰাজ্যখনত ছয় গৰাকী ব্যক্তি কভিড-১৯ কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈছে । বৰ্তমানলৈকে মেঘালয়ত ৬৮ গৰাকী ব্যক্তিৰ কোভিড-১৯ কৰ’ণা ভাইৰাছৰ পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে ছয় গৰাকী ব্যক্তিৰ শৰীৰত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছে।

উল্লেখ্য যে, মেঘালয়ৰ প্ৰথম গৰাকী কভিড-১৯ কৰ’ণা ভাইৰাছ আক্রান্ত হৈ মৃত্যুৰ মুখত পৰা বেথানী হস্পিতালৰ স্বত্বাধিকাৰী তথা চিকিৎসক ডঃ জন এল ছাইলো ৰিণ্টাথিয়াঙৰ আত্মীয়ৰ লগতে চিকিৎসা কৰ্মীৰ শৰীৰত কভডি-১৯ কৰুণা ভাইৰাছ ধৰা পৰিছে।