গোৱালপাৰা, সংবাদ ৩৬৫, ১৬ এপ্ৰিল : সমগ্ৰ বিশ্বতে কভিড-১৯ কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে গোৱালপাৰাত বনৰীয়া হাতীয়ে চলাইছে সন্ত্ৰাস। বৃহস্পতিবাৰে পুৱতি নিশা জিলাখনৰ হাডলাপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় একেটা পৰিয়ালৰ দুটি শিশু। নিহত শিশু দুটিৰ মাতৃও বনৰীয়া হাতীৰ জাকৰ আক্ৰমণৰ ফলত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন অৱস্থাত আছে।

বিশ্বব্যাপী কভিড-১৯ কৰ’ণা ভাইৰাছৰ আতংকত বিশ্ববাসীয়ে দিন অতিবাহিত কৰি থকাৰ মাজতে ৰাজ্যৰ গোৱালপাৰা জিলাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। জিলাখনৰ হাডলাপাৰাত বৃহস্পতিবাৰে বনৰীয়া হাতীৰ জাকৰ আক্ৰমণত নিহত হয় একেটা পৰিয়ালৰ দুটি শিশু। পুৱতি নিশা হাডলাপাৰাৰ কাদং ৰাভা নামৰ এজন ব্যক্তিৰ বাসগৃহত বনৰীয়া হাতীৰ এটা জাকে আক্ৰমণ চলায়। বনৰীয়া হাতীৰ আক্ৰমণত কাদং ৰাভাৰ দুটি সন্তান চিৰঞ্জীৱ ৰাভা আৰু ঝৰ্ণা ৰাভা নিহত হোৱাৰ লগতে গুৰুত্বভাবে আহত হয় কাদং ৰাভাৰ পত্নী ৰহিলা ৰাভা। পুৱতি নিশা প্ৰায় ২.৩০ বজাত বনৰীয়া হাতীৰ এটা জাকে আক্ৰমণ চলোৱাত ঘটনাস্থলীতে ঝৰ্ণা ৰাভা নামৰ শিশুটি নিহত হোৱাৰ লগতে চিৰঞ্জীৱ ৰাভা আৰু ৰহিলা ৰাভা সংকটজনক অৱস্থাত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও চিৰঞ্জীৱ ৰাভাৰো চিকিৎসালয়ত মৃত্যু ঘটে।

উল্লেখ্য যে, গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত প্ৰায়ে বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত দেখিবলৈ পোৱা যায়। বৃহস্পতিবাৰে সংঘটিত হোৱা এই দুৰ্ভাগ্যজনক ঘটনাৰ সময়ত তলাবন্ধৰ ফলত গুৱাহাটী মহানগৰীত আৱদ্ধ হৈ আছিল কাদং ৰাভা। গোৱালপাৰা জিলাৰ হাডলাপাৰাৰ বাসিন্দা কদং ৰাভা কৰ্মসূত্ৰে গুৱাহাটী মহানগৰীত থাকে।