মেঘালয়, সংবাদ ৩৬৫, ১৫ এপ্ৰিল : মেঘালয়ৰ কবিড-১৯ কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্রান্ত প্ৰথম গৰাকী ৰোগীৰ মৃত্যু। মেঘালয়ৰ বেথনী হস্পিতালৰ স্বত্বাধিকাৰী তথা চিকিৎসক গৰাকীৰ বুধবাৰে মৃত্যু ঘটে। ৬৯ বছৰীয়া ডাঃ জন এল ছাইলো ৰিণ্টাথিয়াঙ নামৰ চিকিৎসক গৰাকী মেঘালয়ৰ প্ৰথম গৰাকী কভিড-১৯ কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্রান্ত ৰোগী আছিল।

চুবুৰীয়া ৰাজ্য মেঘালয়ত কভডি-১৯ কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱা প্ৰথম গৰাকী ৰোগীৰ বুধবাৰে পুৱা ৩.০০ বজাত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে। ৬৯ বছৰীয়া ডাঃ জন এল ছাইলো ৰিণ্টাথিয়াঙ নামৰ চিকিৎসক তথা মেঘালয়ৰ বেথনী হস্পিতালৰ স্বত্বাধিকাৰী গৰাকীৰ শৰীৰত মঙলবাৰে ধৰা পৰিছিল কভিড-১৯ কৰ’ণা ভাইৰাছ। মঙলবাৰে মেঘালয়ৰ বেথনী হস্পিতালৰ চিকিৎসক গৰাকীৰ শৰীৰত মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ সন্ধান লাভ কৰাৰ পিছতে ৰাজ্যখনত জাৰি কৰা হৈছিল সান্ধ্য আইন। অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহিৰে ৰাজ্যখনত অন্য সকলো ধৰণৰ সেৱাবোৰ বন্ধ কৰাৰ ঘোষণা কৰিছিল মেঘালয় প্ৰশাসনে। সমগ্ৰ বিশ্বতে মাৰাত্মক কৰ’ণা ভাইৰাছে এক মহামাৰী ৰূপে থিয় দিয়াৰ লগতে কেইবালক্ষাধিক লোকৰ মৃত্যু হৈছে মাৰাত্মক কৰ’ণা ভাইৰাছৰ ফলত। চীন, ইটালী, ফ্ৰান্স, আমেৰিকা আদি দেশৰ লগতে ভাৰততো কেইবাহাজাৰ লোক আক্ৰান্ত হৈছে মাৰাত্মক কৰ’ণা ভাইৰাছত। ভাৰতৰ অন্যান্য ৰাজ্য সমূহৰ তুলনাত উত্তৰ পূবটো বৃদ্ধি পাইছে মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱা লোকৰ সংখ্যা। উত্তৰ পূৱৰ অসমত মুঠ ৩২ জন, মণিপুৰত ২ জন, ত্ৰিপুৰাত ২ জন, নাগালেণ্ডত ১ জন, মিজোৰামত ১ জন, অৰুণাচল প্ৰদেশত ১ জন লগতে মেঘালয়ত মঙলবাৰে ১ জন লোক আক্ৰান্ত হৈছিল কৰ’ণা ভাইৰাছত। মেঘালয়ৰ বেথানী হস্পিতালত এজন চিকিৎসকৰ দেহত সন্ধান পোৱা গৈছিল মাৰাত্মক কৰ’ণা ভাইৰাছৰ। ইয়াৰ পিছতে স্বাস্থ্যবিভাগৰ তৰফৰ পৰা ৰাজ্যখনত হাই এলাৰ্ট জাৰি কৰাৰ লগতে প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে ৪৮ ঘণ্টাৰ সান্ধ্য আইনৰ।

উল্লেখ্য যে, বেথানী হস্পিতালৰ চিকিৎসক ডাঃ জন এল ছাইলো ৰিণ্টাথিয়াঙ কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাৰ কথা পোহৰলৈ অহাৰ পিছতে ২২ মাৰ্চৰ পিছত বেথানী হস্পিতালত যোৱাসকলক অতি সোনকালে ১০৮ নম্বৰত ফোন কৰি পঞ্জীয়ন কৰাবলৈ আহ্বান জনাইছিল ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কণৰাড চাংমাই। অতি সোনকালেই বেথানী হস্পিতালৰ সমূহ স্বাস্থ্যকৰ্মীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে বেথানী হস্পিতালখন কোৱাৰানটাইন কেম্পলৈ ৰূপান্তৰ কৰাৰ কথাও ঘোষণা কৰিছিল মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমাই।