আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ 

১৩ অক্টোবৰ

শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰ্ঘটনা প্ৰৱন স্থানত থকা খাদ্য নিগমৰ ভৰালক লৈ বিতৰ্ক৷ এফ চি আইৰ গোদামৰ নীতি বিৰোধ কর্মক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ অৱস্থান ধৰ্মঘট। প্ৰতিস্থিত ব্যৱসায়ীৰ লগত ঘনিষ্ঠ আৰক্ষী তথা জিলা প্ৰশাসনলৈ সন্দেহৰ আঙুলি স্থানীয় ৰাইজৰ।

শিৱসাগৰৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰ্ঘটনা প্ৰৱন স্থানত থকা ভাৰতীয় খাদ্য নিগমৰ এটা গোদামক লৈ সৃষ্টি হৈছে বিতৰ্কৰ৷ নগৰৰ সমীপৱৰ্তী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন মিলনপুৰ অঞ্চলত নীতি বৰ্হিভূতভাৱে পার্কিং কৰা বৃহৎ ট্রাকসমূহে সৃষ্টি কৰা অসুবিধাৰ প্রতিবাদত আৰু শীঘ্ৰে সমস্যাৰ পৰা জনসাধাৰণক পৰিত্রাণ প্রদান কৰাৰ দাবীত মঙলবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে স্থানীয় ৰাইজে। এজন প্রভাৱশালী ব্যক্তিৰ স্বতছায়াত থকা এফ চি আইৰ এটা গোদাম ঘৰক লৈ এতিয়া আঙুলি উঠিছে শিৱসাগৰ জিলা প্ৰশাসনলৈ। দীর্ঘদিন ধৰি স্থানীয় ৰাইজে বাৰম্বাৰ উক্ত গোদামটোৰ সন্মুখত বিশৃংখলভাৱে ৰখাই থোৱা ট্রাকসমূহৰ পৰা সম্ভাব্য দূর্ঘটনাৰ বিষয়ে যান বাহন আৰক্ষী তথা প্ৰশাসনক অৱগত কৰি আহিছে যদিও গা নলৰে প্রশাসনৰ। গোদামৰ লেতেৰা পানীয়ে স্থানীয় আৱাসী সকলক জালাকলা খুৱাইছে দীর্ঘদিন ধৰি। তাৰোপৰি গোদাম থকা কর্মচাৰিয়ে স্থানীয় মহিলা তথা যুৱতীক অশ্লীল ইংগিত দিয়াৰও গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে।

বীৰ লাচিত সেনা অসমৰ শিৱসাগৰ সমিতিয়ে তীব্ৰ বিৰোধিতা কৰিছে উক্ত গোদাম তথা গোদামৰ মালিকৰ। শিৱসাগৰৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ীৰ হাতৰ পুতলা সদৃশ নেকি জিলা প্ৰশাসন, এতিয়া প্ৰশ্ন উত্থাপন হৈছে সর্বত্রে।