নিউজ ডেস্ক, সংবাদ ৩৬৫, ২ জানুৱাৰী : কাৰ বিৰুদ্ধে অব্যাহত আছে ৰাজ্যৰ লগতে দেশজুৰি প্ৰতিবাদ। ছাত্ৰ সমাজ , বিভিন্ন দল-সংগঠন, বুদ্ধিজীৱী, শিল্পী সমাজে সকলোৱে নিজ নিজ কাৰ্যসূচীৰে অব্যাহত ৰাখিছে কা বিৰোধী প্ৰতিবাদ।

সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি কা বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে বিধায়ক নোমল মমিনে ” কা”ক লৈ এক মন্তব্য কৰে।

“কা”ক লৈ হৈ থকা আন্দোলনৰ সন্দৰ্ভত নোমল মমিনে কয় যে,  “এতিয়া আৰু আন্দোলন কৰি লাভ নাই ৷ “কা” আইনত পৰিণত হ’ল ৷ উচ্চতম ন্যায়ালয়ে যি ক’ব সেয়াই হ’ব ৷”

ইয়াৰোপৰি প্ৰতিবাদত ক্ষতিগ্ৰস্ত হোৱা ৰাজহুৱা সা-সম্পত্তিৰ সন্দৰ্ভতো বিধায়কগৰাকীয়ে কয় যে, ” আন্দোলনৰ নামত ৰাজহুৱা সম্পত্তি ধ্বংস কৰা সকলে তেওঁলোকৰ পৰাই খৰছ উলিয়াই সেইবোৰৰ পুনৰ নিৰ্মাণ কৰিব লাগে ৷ “