গুৱাহাটী, সংবাদ ৩৬৫, ৩ জানুৱাৰী : “কা”ৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পদযাত্ৰা। প্ৰশাসনে দলটোক আৰু আগবাঢ়িবলৈ নিদিয়াৰ বাবে গুৱাহাটী ক্লাব ৰটাৰীতে সমাপ্ত কৰে পদযাত্ৰা।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা, দেৱব্ৰত শইকীয়াৰ নেতৃত্বত আৰম্ভ হয় এই পদযাত্ৰা।

ৰিপুন বৰাৰ মন্তব্য,” ৰাহুল গান্ধীৰ ভাষণৰ দ্বাৰা কংগ্ৰেছ দল অনুপ্ৰাণিত হৈছে। স্বাধীনতা আন্দোলনত যেনেদৰে ব্ৰিটিছৰ গুলি পাতি লৈছিল তেনেদৰে একে উদ্যমেৰে “কা”আইন বাতিল কৰিবলৈ ওলাই আহিছে। ”

মুখ্যমন্ত্ৰীয়ে “কা” আহিব নিদিও বুলি দিয়া টুইটৰ সন্দৰ্ভত ৰিপুন বৰাই কয় ,”কামেৰে কৰি দেখুৱাওক। অকল টুইট দিলে নহব। ৰাইজৰ মাজলৈ আহক। “