ক্ষেত্ৰী, সংবাদ ৩৬৫, ৩১ ডিচেম্বৰ : বছৰৰ শেষৰ দিনটোতেই ধোপগুৰিৰ কৰাইগুৰিত সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী কলেজীয়া ছাত্ৰী।

পৰীক্ষা দিবলৈ চাইকেলেৰে আহি আছিল ছাত্ৰীগৰাকী। নিহত ছাত্ৰী গৰাকী ডিমৰীয়া মহাবিদ্যালয়ৰ মৌচুমী বিশ্বাস। চাইকেলেৰে আহি থকা অৱস্থাতে এখন ডাম্পাৰে তীব্ৰ জোৰে খুন্দা মাৰে।

উল্লেখ কৰিব পাৰি যে কলং নদীত অবৈধ বালিৰ খননৰ বাবে দিনে নিশাই গাঁৱৰ পথৰ মাজেৰে দাম্পাৰৰ দৌৰাত্মত প্ৰায়ে এনেদৰে সংঘটিত হয় পথ দুৰ্ঘটনা।