ইনজা মামুল হক চৌধুৰী

লখিমপুৰ

৬ আগষ্ট

লখিমপুৰ জিলাৰ নাওবৈচাত এ আই ইউ ডি এফ মূর্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ। পথৰ ওপৰত টায়াৰ আৰু বিধায়কৰ পুত্তলিকা দাহ কৰি ক্ষোভ উজাৰিলে ৰাইজে। বিধায়কৰ বিৰুদ্ধে বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ।

লখিমপুৰ জিলাৰ নাওবৈচাৰ বঙালমৰাৰ মিৰি গাঁৱত ৰাইজৰ উত্তাল প্ৰতিবাদ। বিধায়ক পুঁজিৰ ধন আত্মসাৎ কৰাৰ অভিযোগত ক্ষোভিত হৈ ৰাইজে পথৰ ওপৰত টায়াৰ আৰু বিধয়াক মামুন ইমদাদুল হক চৌধুৰীৰ পুত্তলিকা দাহ কৰিলে। বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ অঙহী-বঙহীয়ে কাম নকৰাকৈ পথ নিৰ্মাণৰ বাবে আৱন্টিত হোৱা ধন উলিয়াই নিয়াৰ অভিযোগত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী ৰাইজে এ আই ইউ ডি এফ মূর্দাবাদ, মামুন ইমদাদুল হক চৌধুৰীৰ মূর্দাবাদ, ৰাইজৰ উন্নয়নৰ বাবে অহা ধনৰ দুৰ্নীতি নচলিব, দুৰ্নীতি বন্ধ কৰক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।

উল্লেখ্য যে লখিমপুৰ জিলাৰ নাওবৈচাৰ অন্তৰ্গত বঙালমৰা-২ নং মৰিগাঁও সংযোগী পথ নিৰ্মাণৰ বাবে আৱন্টিত হৈছিল বিধায়ক পুঁজিৰ ৬.৫০ লাখ টকা। বিধায়কৰ আত্মীয়ই পথৰ নিৰ্মাণ কাম নকৰাকৈয়ে ৩ ৯০ লাখ টকা উলিয়াই উলিয়াই নিয়াৰ অভিযোগ উত্থাপন কৰি ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।