হাস্না বেগম

গুৱাহাটী 

৬ জুলাই

মহানগৰীৰ গড়চুকৰ গড়ভাঙাস্থিত এখন বিশেষ বিদ্যালয়। ৮০০ টকা মূলধনেৰে গোহালি ঘৰত ৪ জন ছাত্ৰ-ছাত্ৰীকলৈ উত্তম টেৰণ নামৰ এজন যুৱকে আৰম্ভ কৰিছিল এই বিশেষ বিদ্যালয়। উত্তম টেৰণৰ কঠোৰ পৰিশ্ৰমৰ ফলত গোহালি ঘৰৰ পৰা আৰম্ভ হোৱা বিদ্যালয়খন এতিয়া ৰূপ লৈছে বিল্ডিং ঘৰলৈ। গড়ভাঙাৰ কেইবাখনো গাঁৱৰ দুখীয়া ছাত্ৰ-ছাত্ৰীক বিনামূলীয়ালৈ শিক্ষা প্ৰদান কৰা এই বিদ্যালয়ৰ জন্মদাতা উত্তম টেৰণ এতিয়া পৰিছে গভীৰ অৰ্থ সংকটত। বিগত ৫ মাহ ধৰি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীক দৰমহা দিব পৰা নাই উত্তম টেৰণ।

বিশ্বব্যাপী মহামাৰী কৰ’ণা ভাইৰাছৰ কুপ্ৰভাৱ বিশ্বৰ প্ৰতিটো ক্ষেত্ৰতে আঘাত হানিছে। অৰ্থনীতিৰ পৰা আৰম্ভ কৰি মানুহৰ জীৱন প্ৰণালী, কৰ্মক্ষেত্ৰৰ পৰা আৰম্ভ কৰি শিক্ষাক্ষেত্ৰ সকলো বিধ্বস্ত আৰু সলনি কৰি পেলাইছে কৰ’ণা ভাইৰাছে।শিক্ষাক্ষেত্ৰত কৰ’ণা ভাইৰাছৰ কুপ্ৰভাৱৰ বিশ্লেষণ কৰাৰ প্ৰয়োজন নাই, এই সম্পৰ্কে প্ৰতিজন ব্যক্তি জ্ঞাত। মহামাৰী কৰ’ণা ভাইৰাছৰ ফলত ৰাইজৰ অনুদানৰ ওপৰত নিৰ্ভৰশীল উত্তম টেৰণৰ বিদ্যালয়খনৰ আৰ্থিক অৱস্থা অতিকৈ শোচনীয় হৈ পৰিছে। বিশেষকৈ বিদ্যালয়খনত শিক্ষাদান কৰা ২৩ গৰাকীকৈ শিক্ষক -শিক্ষয়িত্ৰীয়ে বিগত ৫ মাহ ধৰি লাভ কৰা দৰমহা। বিদ্যালয়খন চলাই নিয়াৰ ক্ষেত্ৰত বিভিন্ন সময়ত সহায়-সহযোগ কৰি অহা বেচৰকাৰী সন্থা সমূহো আৰ্থিকভাৱে বিদ্যালয়খনক সকাহ প্ৰদান কৰাত বৰ্তমান অসক্ষম হৈ পৰিছে।

দুখীয়ে শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিনামূলীয়াকৈ শিক্ষাৰ পোহৰ বিলাই ফুৰা বিদ্যালয়খন এতিয়া তীব্ৰ অৰ্থ সংকটত পৰাত বিদ্যালয়খনৰ জন্মদাতা তথা প্ৰধান শিক্ষক উত্তম টেৰণ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ দৰমহা প্ৰদান আৰু বিদ্যালয়খনত শিক্ষা গ্ৰহণ কৰিবলৈ অহা ভিতৰুৱা গাঁৱৰ পৰা আহি হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অত্যাৱশ্যকীয় সমগ্রী যোগান ধৰিবলৈ ৰাইজৰ সহায়-সযোগৰ কামনা কৰিছে। শিক্ষক-শিক্ষয়িত্ৰী থাকিলে বিদ্যালয়খন থাকিব। গড়ভাঙা অঞ্চলৰ কেইবাখনো গাঁৱৰ দুখীয়ে শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এই বিদয়লিখন কিমান গুৰুত্বপূৰ্ণ ইয়াৰ অনুমান বিদ্যালয়খন এবাৰ চাই আহিলে বুজিব পাৰি।

মহানগৰী গুৱাহাটীৰ গঁড়চুকৰত কাৰ্বি জনগোষ্ঠীৰ বসতিপূৰ্ণ কেইবাখনো ভৈয়াম আৰু পাহাৰীয়া গাঁৱৰ দুখীয়া ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ পোহৰেৰে অলৌকিত কৰি তুলিবলৈ ২০০৩ চনত জন্মলাভ কৰিছিল এখন বিদ্যালয়। কলেজীয়া শিক্ষা সমাপ্ত কৰি উত্তম টেৰণ নামৰ যুৱকজনে মাত্ৰ ৮০০ টকা মূলধনলৈ গোহালি ঘৰত এক মহান উদ্দেশ্যলৈ জন্ম দিছিল পাৰিজাত একাডেমী। বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে এক দীঘলীয়া যাত্রাৰ অন্তত পাৰিজাত একাডেমী কেৱল অসম অথবা ভাৰততে নহয়, বিখ্যাত হৈ পৰিছিল বিশ্বৰ কেইবাখনো দেশৰ লোকৰ মাজত।

গোহালি ঘৰৰ পৰা শিক্ষা যাত্ৰা আৰম্ভণি ঘটা পাতিজাত একাডেমীত ছাত্ৰ-ছাত্ৰী সকলক আনুষ্ঠানিক শিক্ষাৰ লগতে প্ৰদান কৰা হয় বিভিন্ন ধৰণৰ বুনিয়াদী শিক্ষা। পাৰিজাত একাডেমীৰ শিক্ষা প্ৰণালীৰ প্ৰতি আকৰ্ষিত হৈ বিভিন্ন সময়ত বিশ্বৰ কেইবাখনো দেশৰ পৰা শিক্ষাৰ্থী ইয়ালৈ আহি শিক্ষা গ্ৰহণ কৰি বিদ্যালয়খনক অনুদান আগবঢ়াই। বৰ্তমান কৰ’ণা ভাইৰাছৰ সংক্ৰমণ বাবে বিদেশৰ পৰাও শিক্ষাৰ্থী আহিব নোৱাৰাত পাৰিজাত একাডেমীৰ আৰ্থিক অৱস্থা অধিক বিধ্বস্ত হৈ পৰিছে।