নাৱজ্যোতি বৰুৱা

চামগুৰি

৬ জুলাই

পুনৰবাৰ আন্তৰ্জাতিক ক্ষেত্ৰত সন্মান বুটলিবলৈ সক্ষম হৈছে নগাঁও জিলাৰ চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা। আন্তৰ্জাতিক স্বেচ্ছাসেৱী সংস্থা “আৰ্থ ডেই নেটৱৰ্ক” প্ৰকৃতপ্ৰেমী যুৱক বিনোদ দুলু বৰালৈ আগবঢ়াইছে চলিত বৰ্ষৰ “আৰ্থ ডেই নেটৱৰ্ক ষ্টাৰ” শীৰ্ষক সন্মান।

সমগ্ৰ পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ তথা সজাগতা সৃষ্টিৰ প্ৰচেষ্টাৰে বিশ্ব প্ৰায় ১৯২ খন দেশৰ প্ৰতিনিধিৰে ১৯৭০ চনত গঠিত হোৱা আন্তৰ্জাতিক স্বেচ্ছাসেৱী সংস্থা “আৰ্থ ডেই নেটৱৰ্ক” অসমৰ নগাঁও জিলাৰ প্ৰকৃতপ্ৰেমী যুৱক বিনোদ দুলু বৰালৈ চলিত বৰ্ষৰ “আৰ্থ ডেই নেটৱৰ্ক ষ্টাৰ” শীৰ্ষক সন্মান আগবঢ়াইছে। চলিত বৰ্ষত প্ৰকৃতি সংৰক্ষণৰ বিভিন্ন কামৰ লগত জড়িত থকাৰ বাবে দুলু বৰাই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এই আন্তৰ্জাতিক সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। দুলু বৰাই বিগত বহু বছৰ ধৰি প্ৰকৃতি সংৰক্ষণ, হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে অহৰহ প্ৰচেষ্টা কৰাৰ লগতে দুলু বৰাই সৰুৰেই পৰা বন্যপ্ৰাণীক উদ্ধাৰ আৰু সুৰক্ষা প্ৰদানৰ কামৰ লগত জড়িতহৈ কৰা জীৱনজুৰা সাধনাৰ ওপৰত ভিত্তি কৰি সংস্থাটোৱে দুলু বৰাক প্ৰদান কৰিছে সেই বিষয়ে সন্মান।

উল্লেখযোগ্য যে, “গ্ৰীণ গাৰ্ড নেশ্চাৰ অৰ্গেনাইজেছন”ৰ এজন বিশেষ সদস্য হিচাপে ২০১২ চনত “চেঞ্চুৰী এচিয়া”ৰ “টাইগাৰ ডিফেণ্ডাৰ”, ২০১৪ চনত “চেঞ্চুৰী নেশ্চাৰ ফাউণ্ডেশ্যন”ৰ “ৱাইল্ড লাইফ চাৰ্ভিচ এৱাৰ্ড” আৰু শেহতীয়াকৈ বনৰীয়া হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে “হাতীবন্ধু” নামৰ আন এটি স্বেচ্ছাসেৱী সংস্থাৰ এজন সদস্য হিচাপে নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্ত্তী হাতীখলি ৰংহাং গাঁৱৰ ৰাইজে কৰা কৃষিকাৰ্যৰ সামগ্ৰিক পৰিকল্পনা কৰাৰ বাবে ২০১৯ চনত মুখ্যমন্ত্ৰী সৰ্ৱানন্দ সোনোৱালে প্ৰদান কৰা “সামুহিক কৰ্ম বঁটা” ইতিমধ্যেই লাভ কৰিবলৈ সক্ষম হৈছে প্ৰকৃতিপ্ৰেমী যুৱক দুলু বৰাই।

ইফালে এইবাৰৰ এই বিশেষ আন্তৰ্জাতিক সন্মানৰ অধিকাৰী হ’বলৈ পাই বিনোদ দুলু বৰায়ে চৰম সন্তুষ্টি লাভ কৰিছে বুলি জানিবলৈ দিয়াৰ লগতে অনাগত দিনবোৰত প্ৰকৃতি আৰু বন্যপ্ৰাণী উদ্ধাৰ আৰু সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত নিৰবচ্ছিন্ন ভাবে অধিক কাম কৰি যাব বুলি আশ্বাস প্ৰদান কৰে প্ৰকৃতিপ্ৰেমী যুৱক দুলু বৰাই।