আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১১ নৱেম্বৰ

তলালত ঘৰৰ চাৰিসীমাৰ ভিতৰত বেদখল উচ্ছেদ কৰাৰ দাবীত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ৰংপুৰ আঞ্চলিকে তলাতল ঘৰৰ প্ৰৱেশ দ্বাৰত তলা লগাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।  ঐতিহাসিক তলাতল ঘৰৰ চৌহদত গৰু ছাগলীৰ মুক্ত বিচৰণ হোৱাৰ লগতে পুৰাতত্ব বিভাগৰ অধীনত থকা তলাতল ঘৰৰ চৌহদৰ মাটি কিনা বেচা হোৱাৰ অভিযোগ কৰিছে আটাছুৱে।

ঐতিহাসিক তলাতল ঘৰৰ চৌহদত ব্যাপক বেদখল দেখিবলৈ পোৱা গৈছে। শিৱসাগৰৰ তলাতল ঘৰৰ সৌন্দৰ্য্য নাশ কৰি একাংশ দুষ্ট চক্ৰই শাৰী শাৰী কৈ গৃহ নিৰ্মাণ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে শিৱসাগৰত৷ তলাতল ঘৰৰ পুৰাতত্ব বিভাগৰ অধীনস্ত সংৰক্ষিত ভূমিত গৃহ নিৰ্মাণ কৰা কাৰ্যৰ বিৰুদ্ধে গৰজি উঠিছে আটাছুl আটাছুয়ে তাৎক্ষণিক ভাৱে এই গৃহ নিৰ্মাণ কাৰ্য উচ্চেদ কাৰিবলৈ প্ৰশাসনক দাবী জনাইছে৷ দুৰ্ভাগ্যজনকভাৱে তলাতল ঘৰৰ চৌহদত ব্যাপক ৰূপত গৃহ নিৰ্মাণ, গাহৰি ফাৰ্ম জাৰ্চী গৰুৰ ফাৰ্ম খোলাৰ ঘটনাই সচেতন ৰাইজক ক্ষুন্ন কৰি তুলিছে৷ এজন ব্যক্তিয়ে এই মাটি ক্ৰয় কৰা বুলি জানিব পৰা গৈছে। ইয়াৰ লগতে শিৱসাগৰ জিলা প্ৰশাসনেই ভূমি হস্তান্তৰকৰণ প্ৰক্ৰিয়াত সহায় কৰা বুলি বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে।

শিৱসাগৰ জিলা প্ৰশাসন তথা পুৰাতত্ব বিভাগে অতি শীঘ্ৰে এই বেদখল উচ্ছেদ নকৰিলে আটাছুৱে নিজাববীয়াকৈ ব্যৱস্থা ল’ব বুলি জানিবলৈ দিয়ে। ইয়াৰ ফলত যিকোনো অপ্ৰতিকৰ ঘটনা সংঘটিত হ’লে আটাছু দায়ী নহয় বুলিও স্পষ্ট কৰি দিয়ে আটাছুৰ কর্মী সকলে।