মুস্তাক আহমেদ

জুৰীয়া

১১ নৱেম্বৰ

নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে দূৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ অভিযোগ আছে। এই মন্তব্য ৰাইজৰ দলৰ মূখ্য সমন্বয়ক গিৰিশংকৰ গোস্বামীৰ। সংবাদ মাধ্যমৰ আগত নুৰুল হুদা সন্দৰ্ভত বহু বিস্ফোৰক মন্তব্য ৰাইজৰ দলৰ মূখ্য সমন্বয়ক গিৰিশংকৰ গোস্বামীযৰ।

ৰাইজৰ দলৰ মূখ্য সমন্বয়ক গিৰিশংকৰ গোস্বামীয়ে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ লগতে বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে ৰাইজৰ দলে ৰাইজৰ হৈ কাম কৰি যাব।ৰূপহীহাট সমষ্টিৰ জুৰীয়াত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠন কৰা উদ্দেশ্য অনুষ্ঠিত হয় এখন সভাৰ। জুৰীয়াৰ নাট্যমন্দিৰত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ সভাত ৰূপহীহাট সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা শতাধিক ৰাইজৰ উপস্থিতিত ‘ৰাইজৰ দলৰ’ ৰাজ্যিক আহ্বায়কৰ উপস্থিতিত গঠিত হয় ৩৯ জনীয়া আহ্বায়ক সমিতি। সভাত শতাধিক লোকে ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ লগতে “কা” আন্দোলনত শ্বহীদ হোৱা শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাইজৰ দলৰ যোগদান কাৰ্যসূচীৰ পাছততেই গঠিত হয় আহ্বায়ক সমিতি।

ৰূপহীহাট সমষ্টিৰ ৰাইজৰ দলৰ সাম্ভাব্য প্ৰাৰ্থীসকলৰ লগতে সভাখনত উপস্থিত আছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা, লাচিত সেনাৰ নেতা নবজিত বৰা আৰু প্ৰকাশ বৰুৱা। ৰাইজৰ দলৰ নগাঁও জিলা সমন্বয়ক ক্ৰমে ইক্ৰামুল মজিদ, নজৰুল ইছলাম, ছফিকুল ইছলাম লগত দলটোৰ কেবাজনো নেতা ।