জুৰীয়াৰ পৰা শিবেন্দু বৰা, সংবাদ ৩৬৫, ১৭ জুন : লাওখোৱা অভয়াৰণ্যত চোৰাং মাছ মৰীয়াৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। বন বিভাগে অভিযান কালত ২০খনৰো অধিক চোৰাং মাছ মৰীয়াৰ নাওঁ নষ্ট কৰাৰ লগতে জব্দ কৰে বহু সংখ্যক মাছ মৰা জাল।

নগাঁও জিলাৰ লাওখোৱাত বুধবাৰে পুৱাৰ ভাগত চলিল বন বিভাগৰ অভিযান। লাওখোৱা অভয়াৰণ্যখনত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে বন বিভাগে চলালে উচ্ছেদ অভিযান৷ তিনিটাকৈ হাতীৰ সহায়ত এক বৃহৎ বন কৰ্মীৰ দলে বন শিবিৰ এলেকাত অভিযান চলায়। লাওখোৱা অভয়াৰণ্যৰ সুৰক্ষাৰ দাযিত্বত থকা স্থনীয় একাংশ অৰ্থলিপ্সু বন বিষয়া কৰ্মীৰ ৰহস্য জনক ভূমিকাৰ সুযোগ গ্ৰহন কৰি লাওখোৱা অভয়াৰণ্যৰ বিল-খালত একাংশ লোকে অবৈধ ভাৱে ঘৰ সাজি অভয়াৰণ্যখনত চোৰাং কৈ মাছ মাৰি ৰমৰমীয়া ব্যৱসায় চলাই আছিল। প্ৰকৃতি প্ৰেমী সকলৰ এক অভিযোগৰ ভিত্তিত নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়া ৰনজিৎ ৰামৰ নিৰ্দেশ মৰ্মে বুধবাৰে অভিযান চলায় বন বিষয়া কৰ্মীয়ে।

উল্লেখ্য যে, লাওখোৱা অভয়াৰণ্যত এচাম লোকে অভয়াৰণ্যখনৰ ভূমি বেদখল কৰাৰ লগতে অবৈধ ভাৱে মাছ মাৰি ব্যৱসায় চলাই অহাৰ অভিযোগ বহু দিনৰে পৰা উত্থাপিত হৈ আহিছে। বিভিন্ন প্ৰকৃতি প্ৰেমী সংগঠনে অভয়াৰণ্যখন বেদখলমুক্ত কৰাৰ দাবী জনাই অহাৰ ফলত নগাঁও বন্যপ্ৰাণী সংমণ্ডলে উচ্ছেদ অভিযান চলাই অভয়াৰণ্যখনৰ কিছু অংশ বেদখলমুক্ত কৰে।