গুৱাহাটী, সংবাদ ৩৬৫, ১ মাৰ্চ: বিগত চাৰি মাহ ধৰি প্ৰতি দেওবাৰে ৫০টাৰো অধিক দলৰ পাঁচ শতাধিক শিশু ফুটবলাৰৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হৈ থকা অসমৰ প্ৰথমটো গ’ল্ডেন বেবী ফুটবল লীগ ‘গ্ৰেটাৰ গুৱাহাটী বেবী লীগ’ চমুকৈ জিজিবিএলৰ দ্বিতীয় ছিজনৰ দেওবাৰে আনুষ্ঠানিকভাৱে সামৰণি পৰে। গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত দেওবাৰে প্ৰদৰ্শনীমূলক মেচ আৰু বটাঁ বিতৰণ কাৰ্যসূচীৰে দ্বিতীয় ছিজনৰ সামৰণি মৰা হয়।

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন চমুকৈ এ আই এফ এফৰ স্বীকৃতিপ্ৰাপ্ত তথা গুৱাহাটী চিটী এফচিয়ে স্প’ৰ্টছক্ৰাফ্‌ট মেনেজমেণ্টৰ সহযোগত অনুষ্ঠিত জিজিবিএলৰ দ্বিতীয় ছিজনৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰূপে অসম চৰকাৰৰ ৰাজ্যিক ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰ উপস্থিত থকাৰ লগতে অসম ফুটবল সংস্থাৰ সম্পাদক হেমেন্দ্ৰনাথ ব্ৰহ্ম, গুৱাহাটী ক্ৰীড়া সংস্থাৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি কলিতা, ভাৰতীয় ক্ৰীড়া সাংবাদিক ফেডাৰেচনৰ সভাপতি সুবোধ মল্ল বৰুৱা, ৱামূল (পূৰৱী ডেইৰী)ৰ বিপণন মুৰব্বী অনীষ নায়াৰ, ছাই বিকাশৰ সঞ্চালক পি এছ ৰেড্ডী, ছাৰ্ভোৰ মহা প্ৰৱন্ধক আৰ কে দেউৰী, ইন্টাৰনেচনেল স্কুলৰ অধ্যক্ষ ড° পুলক ভট্টাচাৰ্য, ছেন্টিনেল গ্ৰুপৰ পৰিচালন সঞ্চালক ৰাহুল ৰাজখোৱা, গপশ্বপ এফএমৰ প্ৰগ্ৰামিং হেড তৃষিত ৰিয়াজ, ৰামানম ইনফ’টেকৰ সঞ্চালক প্ৰিতম কুমাৰ ঝা, ডেকাথলন আজাৰাৰ বিষয়া ৰাহুল পাৱাৰেও অংশগ্ৰহণ কৰে। অনুষ্ঠানত ৪১গৰাকী প্ৰতিভাৱান খেলুৱৈক ‘বেবী লীগৰ তাৰকা’ৰ মেডেল প্ৰদান কৰাৰ লগতে ১০গৰাকী প্ৰশিক্ষকক উদীয়মান প্ৰশিক্ষকৰ বঁটা প্ৰদান কৰা হয়৷ অনুুৰ্ধ ৬ত এডনি ছামাৰ, সিদ্ধান্ত শৰ্মা আৰু আৰাধ্যা বৰপাত্ৰগোঁহাই, অনুৰ্ধ ৮ত বিবেক দে’, এল শ্বিদাল সিং আৰু উজ্জেল লাংৰাই, অনুৰ্ধ ১০ত সুমিত পাণ্ডে, সন্দীপ সিং আৰু সনজিদ খান চৌধুৰী, অনুৰ্ধ ১২ত লক্ষ্য বিশ্বাস, মনজ্যোতি তামূলী আৰু আজিবৰ আলীয়ে শীৰ্ষ গ’লদাতাৰ বঁটা লাভ কৰে। অনুৰ্ধ ৬ত মন্টফ’ৰ্ট টাইগাৰ্ছে চেম্পিয়ন আৰু জিটিচি ৰাইনোজে দ্বিতীয় স্থান, অনুৰ্ধ ৮ত গুৱাহাটী চিটী এফচি (জিচিএফচি) ইউনিকৰ্নছে চেম্পিয়ন আৰু নাৰেংগী ডলফিন্সে দ্বিতীয় স্থান, অনুৰ্ধ ১০ত জিচিএফচি ইউনিকৰ্নছে চেম্পিয়ন আৰু খানাপাৰা পেগাছাছে দ্বিতীয় স্থান, অনুৰ্ধ ১২ত খানাপাৰা পেগাছাছে চেম্পিয়ন আৰু মনোময় ডীয়েৰ্ছে দ্বিতীয় স্থানৰ ট্ৰফী গ্ৰহণ কৰে৷ অনুৰ্ধ ৬ত মনোময় ডীয়েৰ্ছৰ আৰাধ্যা বৰপাত্ৰগোহাঁয়ে শ্ৰেষ্ঠ উদীয়মান খেলুৱৈৰ বঁটা লাভ কৰে৷ অনুৰ্ধ ৮ত জিচিএফচি ইউনিকৰ্নছৰ উজ্জিয়েল লাংৰায়ে ২৪খন মেচত ২৭টা গ’ল আৰু ২৫টা এছিষ্টেৰে শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে। অনুৰ্ধ ১০ত ইউনিকৰ্নছৰ দিব্যপ্ৰতিম বসুমতাৰীয়ে ২০ খন মেচত ১৫টা গ’ল আৰু ১০টা এছিষ্টেৰে শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে। অনুৰ্ধ ১২ত খানাপাৰা পেগাছাছৰ ডেনিয়েল দৈমাৰীয়ে শক্তিশালী ৰক্ষণ দুটা গ’ল আৰু চাৰিটা এছিষ্টেৰে শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে।

আনহাতে, ২০খন মেচত ১৮টা গ’ল আৰু ১২টা এছিষ্টেৰে জিচিএফচি ইউনিকৰ্নছৰ অনুৰ্ধ ১০ৰ খিতাপ জয়ত নিৰ্ণায়ক ভূমিকা লোৱা প্ৰিতম ব্ৰহ্মক লীগৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰা হয়।