অলি উল্লাহ খান
লাহৰীঘাট
১৫ নৱেম্বৰ

কংগ্ৰেছৰ ৪২ বছৰীয়া দুৰ্গ লাহৰীঘাট বিধান সভা সমষ্টিত এআইইউডিএফ দলৰ আগন্তুক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনৰ ৰণডংকা। কেইবা সহস্ৰাধিক কৰ্মীৰ উপস্থিতিত এআইইউডিএফৰ বিশাল কৰ্মী সভা।

আগন্তুক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক দল সমূহৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা। কংগ্ৰেছ দলৰ দুৰ্গ হিচাপে খ্যাত লাহৰীঘাট বিধানসভা সমষ্টি আগন্তুক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনত এআইইউডি লএফ দলৰ দখললৈ নিয়াৰ বাবে দলটোৰ নেতা সকলে দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে। লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত দেৱাগুৰিত এআইইউডিএফ দলৰ মৰিগাঁও জিলা সমিতিৰ সৌজন্যত এখনি কৰ্মী সভা অনুষ্ঠিত হয়‌। সভাখনত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, জনিয়া সমষ্টিৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামৰ লগতে দলটোৰ কেন্দ্ৰীয় নেতৃত্বৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে। সভাখনত প্ৰাক্তন মন্ত্ৰী তথা লাহৰীঘাট সমষ্টিৰ বিধায়ক নজৰুল ইছলামৰ লগতে বিজেপি-আৰএছএছক তীব্ৰ সমালোচনা কৰে এআইইউডিএফ দলৰ বিধায়কৰ লগতে দলটোৰ কেন্দ্ৰীয় নেতৃত্বৰ বিষয়ববীয়া সকলে।

এআইইউডিএফ দলৰ কৰ্মী সভাখনত দলটোৰ নেতা সকলৰ লগতে সমষ্টিটোৰ কেইবা সহস্ৰাধিক লোক উপস্থিত থাকে। আগন্তুক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনত বৰ্তমানৰ কংগ্ৰেছ দলৰ বিধায়ক নজৰুল ইছলামে বৃহৎ প্ৰত্যাহ্বান সন্মুখীন হ’ব সেয়া এক প্ৰকাৰে নিশ্চিত।