ফজলুৰ ৰহমান

সোণতলী

১৪ নৱেম্বৰ

দক্ষিণ কামৰূপৰ চাম্পুপাৰাত জুৱাৰ বিৰুদ্ধে জোৰশিমুলী আৰক্ষীৰ অভিযান। জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমাকান্ত বৰাৰ নেতৃত্বত শুকুৰবাৰে নিশা চলে এই অভিযান।

কালীপূজা উপলক্ষে দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত ব্যাপক হাৰত বৃদ্ধি পাইছে জুৱাৰ আড্ডা। শুকুৰবাৰে নিশা দক্ষিণ কামৰূপৰ জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰমাকান্ত বৰাৰ নেতৃত্বত জোৰশিমুলী আৰক্ষীৰ এটা দলে চাম্পুপাৰাত জুৱা বিৰোধী অভিযান চলাই দুটা ম’বাইল ফোন, নগদ ১৭ হেজাৰ টকা, জুৱা খেলৰ বিভিন্ন সামগ্ৰীসহ ৬ জনকৈ জুৱাৰীক আটক কৰে। আটকাধীন জুৱাৰী কেইজন হৈছে ক্ৰমে চাম্পুপাৰাৰ হাফিজুৰ আলী, ছবিউল হক, ছফৰ আলী, ফুলচান আলীৰ লগতে বকোৰ কলহীকাষৰ আলী আকবৰ আৰু ছাহিদুল ইছলাম।

জুৱাৰী কেইজনৰ বিৰুদ্ধে সম্প্ৰতি জোৰশিমুলী আৰক্ষীয়ে এটি গোচৰ পঞ্জীয়ন কৰি জুৱাৰী কেইজনক জেল হাজোতলৈ প্ৰেৰণ কৰিছে। কালীপূজা উপলক্ষে গৰৈমাৰী, জোৰশিমুলী আৰক্ষীয়ে অঞ্চলটোত জুৱা খেলৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।