ছাহিদুল আলম

ডবকা

১৫ নৱেম্বৰ

হোজাইৰ কপাহবাৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড৷ উজনি অসমলৈ সাঁচি কাঠ আনিবলৈ গৈ থকা ট্ৰেভেলাৰ গাড়ীত ডকাইতি কাণ্ড৷ ট্ৰেভেলাৰ গাড়ীখনলৈ গুলীবৰ্ষণ কৰি ডকাইতৰ দলটোৱে গাড়ীখন ৰখাই ডকাইতিৰ চেষ্টা কৰে৷

হোজাই জিলাৰ কপাহবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। উজনি অসমলৈ সাঁচি কাঠ আনিবলৈ গৈ থকা এখন ট্ৰেভেলাৰ গাড়ী তিনিখন বাইকত অহা এটা ডকাইতৰ দলে গাড়ীখনলৈ গুলীবৰ্ষণ কৰি ডকাইতি কৰাৰ চেষ্টা চলায়। ডকাইতৰ দলটোৱে গাড়ীখনৰ চালক আৰু হেণ্ডিমেন জনক পিষ্টল দেখুৱাই গাড়ীখন লুট কৰিব বিচাৰে। পুৱতি নিশা সংঘটিত হোৱা এই ডকাইতি কাণ্ড স্থানীয় ৰাইজৰ প্ৰচেষ্টাত বিফল হয়। স্থানীয় ৰাইজে ডকাইতৰ দলটোক আগুছি ধৰি খেদি খেদি আটক কৰে দলটোৰ দুজন ডকাইতক৷ ডকাইতৰ দলটোৰ বহুকেইজনে পলায়ন কৰিবলৈ সক্ষম হয়৷ ৰাইজে ঘটনাস্থলীত ডকাইতৰ দলটোৰ এখন বাইকৰ লগতে দুটা পিষ্টলো উদ্ধাৰ কৰে। ৰাইজে আটক কৰা দুয়োজন ডকাইতক উত্তম মধ্যম দিয়ে৷ ৰাইজৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা এজন ডকাইতৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত মোৰাঝাৰ আৰক্ষীৰ লগতে হোজাই আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ দুয়ো ডকাইতক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে৷ পুৱতি নিশা সংঘটিত হোৱা ডকাইতি কাণ্ডৰ অপচেষ্টাই ঘটনাস্থলীত তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিছে।