মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও

৩ ডিচেম্বৰ

কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই এআইইউ ডিএফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলকলৈ মাৰ্কেটিংত নামিছে ইয়াত কোনো সন্দেহ নাই৷ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই দেখিছে ২০২১ ৰ আগত একো নাই আৰু কংগ্ৰেছৰ আভ্যন্তৰীণ সংঘাত আছেই৷ বিটিচি নিৰ্বাচন এনেকুৱা নিৰ্বাচন যত হাজাৰ হাজাৰ টকাৰ ইফাল সিফাল হয়৷ গতিকে তাৰ পৰা যদি কিবা ইনকাম সেইটো সিহঁতে কিয় এৰি দিব৷ মই ভাবো ইয়াতকৈ বেলগ অংক আৰু সিহঁতৰ একো নাই। বিটিচি নিৰ্বাচনত কংগ্ৰেছ আৰু এআইইউডিএফৰ যৌথ প্ৰচাৰকলৈ এইদৰে মন্তব্য কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই।

বৃহস্পতিবাৰে বিটিচিৰ ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ জিএছপি দলৰ প্ৰাৰ্থী হাফিজুৰ ৰহমানৰ হৈ ভোমৰাবিলত আয়োজন কৰা নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি নৱ কুমাৰ শৰণীয়াই আৰু কয় যে কংগ্ৰেছৰ ভাল দিন থকা সত্বেও বিটিচিত মাত্ৰ দুটা আসন লাভ কৰিবলৈ সক্ষম হৈছিল৷ এতিতো দিছপুৰ আৰু দিল্লীত কংগ্ৰেছ নাই আৰু ২০২১ ত কংগ্ৰেছ আহে নে নাই তাৰো কনো নিশ্চিতা নাই৷ আজমল চাহাবৰো আগৰ কৰিশ্মা নাই৷ আগত আজমলৰ মিটিঙত ৫০ হাজাৰ লোকৰ সমাগম হৈছিল যদিও এতিয়া দুই হাজাৰ মানুহ জমা নহয়৷ ৰাইজ এইবাৰ পদুমত নে হাতত নে তালা চবিত ভোট দিব সেয়া ৰাইজৰ কথা কিন্ত মই বিটিচিবাসী ৰাইজক এইটোকে অনুৰোধ কৰিম মোক যেনে দৰে বিপুল ভোটত জয়ী কৰাইছিল অনুৰূপ ধৰণে জাতি-ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজে বিটিচিৰ ২২ লক্ষ অবড়ো জনসাধাৰণৰ ভুমিৰ অধিকাৰ, জীৱন সম্পওিৰ অধিকাৰ সুনিশ্চিত কৰাৰ স্বাৰ্থত জিএছপি দলক বিটিচিৰ শাসনত আনাটো অতি দৰকাৰ৷ সেয়ে ৰাইজ অন্য দলৰ নাটকবাজী কথাত ভোল নগৈ বিটিচিৰ সকলো অধিকাৰ ভোগ কৰাৰ স্বাৰ্থত জিএছপি দলক চৰকাৰ গঠনত মুখ্য ভুমিকা লওক তাৰে আহ্বান জনায় নৱ কুমাৰ শৰণীয়াই ৷

নৱ কুমাৰ শৰণীয়াই আৰু কয় যে বিটিচিত বসবাস কৰা অৱড়ো লোকৰ সমস্যাৰ সত্যসত্যতা বিজেপি দলে স্বীকাৰ কৰিবলৈ বাধ্য হৈছে৷ কংগ্ৰেছ আৰু বিজেপি দলে বড়ো সকলৰ লগত তিনিবাৰ চুক্তি কৰিলে৷ কংগ্ৰেছ বিজেপি, এআইইউডিএফ এই দল সমুহে বিটিচিৰ মানুহক একো উপকৃত কৰিব নোৱাৰে বৰং জলা জুইত ঘিউ ঢালিব পাৰে৷ নিৰ্বিচনী সভাত জিএছপি ভালে সংখ্যক নেতা-নেএী উপস্থিত থাকে৷