যতীন নাথ
মাজবাট
৩ ডিচেম্বৰ

বিটিচি পৰিষদীয় নিৰ্বাচনত ৰিপুন বৰা আৰু বদৰুদ্দিন আজমল প্ৰাসংগিক নহয়। বিটিচি নিৰ্বাচন তেওঁলোকৰ বাবে ছেমি ফাইনেল বুলি কোৱাটো হাস্যকৰ। কাৰণ ছেমি ফাইনেলত হাৰি থাকিলে ফাইনেল খেলিবলৈ মন নাযাব বা খেলিবলৈ সুবিধা নাপাব। ওদালগুৰি জিলাৰ ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিত বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী দীপক মৌৰৰ হৈ প্ৰচাৰ চলাবলৈ আহি বৃহস্পতিবাৰে এক বিশাল বাইক ৰেলীত ভাগ লৈ এইদৰে সংবাদ মাধ্যমৰ আগত কয় অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য তথা শিক্ষা বিভাগৰ প্ৰভাৱশালী মন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই।

সাংবাদিকৰ প্ৰশ্ন উত্তৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কয় যে বিজেপিৰ লগত কোন প্ৰতিদ্বন্দ্বিতাত আহিব সেইয়া মই নকও কিন্তু পাঁচনৈ চেৰফাংত বিজেপিৰ বিজয় নিশ্চিত আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ওদালগুৰি আৰু বাক্সা দুয়োখন জিলাতে বিজেপিয়ে নব্বৈ শতাংশ আসন পাব। বৃহস্পতিবাৰে দুপৰীয়া মাজবাট আইটিআই খেল পথাৰত হেলিকাপ্তাৰেৰে প্ৰদাৰ্পণ কৰাৰ সময়ত নেতাগৰাকীক বিজেপিৰ হাজাৰ হাজাৰ কৰ্মী আৰু সমৰ্থকে ভাৰত মাতাকি জয়, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, বিজেপি জিন্দাবাদ আদি জয়ধ্বনীৰে উস্ম আদৰণি জনাই। ইয়াৰ পিছতে এখন পুস্পসজ্যা বাহনত উঠি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগত প্ৰায় চাৰি সহশ্ৰাধীক বাইকেৰে এক বিশাল ৰেলী আগবাঢ়ে মাজবাটৰ পৰা ওৰাং হৈ ৰৌতা সমষ্টি অভিমুখে। মাজবাটস্থ আইটিআই খেল পথাৰৰ পৰা উলিওৱা বিজেপিৰ এই বিশাল বাইক ৰেলী ৰৌতা অভিমুখে আগবাঢ়োতে মাজবাট নগৰৰ মাজমজীয়াত, মহামুনী দেৱালয়ৰ গেটত, মহলিয়াপাৰা গাঁৱৰ চকত, হাবিগাঁও শান্তি চকত, ওৰাং চাহ বাগিচাৰ গধূলি বজাৰ চকত, ওৰাং লক্ষ্মী মন্দিৰ চকত, ওৰাং টাউনত, গেলাবিল চকত, ধনশ্ৰীঘাট চেণ্টাৰত বিজেপিৰ শ শ কৰ্মী আৰু সমৰ্থকে হিমন্ত বিশ্ব শৰ্মাক গামোচা আৰু আৰনাইৰে সম্বৰ্ধনা জনোৱাৰ লগতে জয়ধ্বনী দি উস্ম আদৰণি জনাই।

ইয়াৰ পিছতে ধনশ্ৰীঘাটৰ পৰা নেতাগৰকী ৰৌতা পৰিষদীয় সমষ্টিৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ ৰাওনা হোৱাত পাঁচনৈ চেৰফাং সমষ্টিৰ বিজেপিৰ কৰ্মী আৰু সমৰ্থক সকলে ধনশ্ৰীঘাটৰ পৰা মেৰাবিল, গৰৈমাৰী, চিলংখুটি, বেটেলী চাহ বাগিচা হৈ মাজবাটস্থ বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়লৈ উভতি আহে।