নিউজ ডেস্ক, সংবাদ ৩৬৫, ২০ মাৰ্চ : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে নিশা ৮ বজাত ক’ভিড-১৯ক প্ৰত্যাহ্বান জনোৱাৰ বাবে সমগ্ৰ দেশবাসীক সম্বোধন কৰি ‘নৱৰাত্ৰি’ উপলক্ষে দেশবাসীক নটা কাৰ্যৰ বাবে অনুৰোধ জনায়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ বিশ্বতে বিয়পি পৰা এই বিশ্বব্যাপী মহামাৰীক প্ৰত্যাহ্বান জনোৱাৰ বাবে ভাৰতবাসীৰ হাতত এটাই উপায় আছে আৰু সেয়া হ’ল সংযম।

প্ৰধানমন্ত্ৰীয়ে দেশবাসী সকলক ক’ভিড-১৯ ভাইৰাছৰ দ্ৰুত বিস্তৃতি ৰোধ কৰিবলৈ কিছুমান বিশেষ পদক্ষেপ গ্রহণ কৰিবলৈ আহ্বান জনায়৷ প্ৰধানমন্ত্ৰীয়ে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণত ফলত সৃষ্টি হোৱা এই মহামাৰীক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিবলৈ দেশবাসীক অনুৰোধ জনাই ইয়াৰ প্ৰতিৰোধৰ বাবে সজাগ আৰু সক্ৰিয় হৈ থাকিবলৈ আহ্বান জনায়৷ প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক ‘‘যেতিয়া আমি সুস্থ হৈ থাকিম, তেতিয়া সমগ্ৰ বিশ্বই সুস্থ হৈ থাকিব’ মন্ত্ৰষাৰি সৰোগত কৰিবলৈ আহ্বান জনায়৷ তেওঁ ‘সামাজিক দূৰত্ব’ৰ দৰে গুৰুত্বপূৰ্ণ স্ব-সংযমতা পালন কৰিবলৈও আহ্বান জনায়৷ তেওঁ নাগৰিকসকলক প্ৰয়োজন নহ’লে ঘৰৰ পৰা বাহিৰ নহ’বলৈ অনুৰোধ জনায়৷ তাৰোপৰি তেওঁ নাগৰিকসকলক ঘৰৰ পৰা কাম কৰিবলৈ আৰু অপ্ৰয়োজনীয় ভ্ৰমণ বাতিল কৰিবলৈও অনুৰোধ জনায়৷ আগন্তুক কেই সপ্তাহমানৰ বাবে তেওঁ ৬০বছৰ বয়সৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলক ঘৰৰ পৰা বাহিৰ নহ’বলৈ আহ্বান জনায়৷ চিকিৎসালয়ত উদ্ভৱ হোৱা ব্যস্ততাপূৰ্ণ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ প্ৰত্যেককে এই সময়ছোৱাত নিয়মীয়া স্বাস্থ্য পৰীক্ষণ বাতিল কৰিবলৈ আহ্বান জনোৱাৰ লগতে সম্ভৱস্থলত অস্ত্ৰোপচাৰৰ তাৰিখ পিছুৱাই দিবলৈ অনুৰোধ জনায়৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ নাগৰিকসকল অহা ২২ মাৰ্চ ২০২০ তাৰিখে অৰ্থাৎ দেওবাৰে পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ ‘জনতা কাৰ্ফিউ’ পালন কৰিবলৈ আহ্বান জনায় আৰু ‘জনতা কাৰ্ফিউ’ সময়ছোৱাত অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে সকলোকে ঘৰৰ বাহিৰলৈ নোলাবলৈ অনুৰোধ জনায়৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয় যে এই ধৰণৰ অনুশীলনৰ জৰিয়তে জনসাধাৰণে আগন্তুক সময়ৰ প্ৰত্যাহ্বানৰ বাবে নিজকে প্ৰস্তুত কৰি ৰাখিব পাৰিব৷ তাৰোপৰি ২২ মাৰ্চৰ এই প্ৰয়াসৰ দ্বাৰা দেশৰ স্বাৰ্থৰ খাতিৰত আমাৰ আত্মসংযমৰ সিদ্ধান্তও প্ৰতিফলিত হ’ব বুলি তেওঁ উল্লেখ কৰে৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক নেতৃত্ব গ্ৰহণ কৰিবলৈ কয় প্ৰধানমন্ত্ৰীয়ে। এনচিচি, এনএছএছ, সাধাৰণ সমাজকে ধৰি সকলো যুৱ সংগঠনক জনসাধাৰণৰ মাজত ‘জনতা কাৰ্ফিউ’ৰ বিষয়ে সজাগতা প্ৰদান কৰিবলৈ আহ্বান জনায়৷ তেওঁ প্ৰত্যেককে অতিকমেও দহজন লোকক ফোনেৰে নিজকে কাৰ্ফিউৰ সৈতে জড়িত কৰাৰ বাবে অনুৰোধ জনাবলৈ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চিকিৎসা কৰ্মী, আৰক্ষী, চৰকাৰী কৰ্মচাৰী, বিমানবন্দৰৰ কৰ্মচাৰী, সংবাদ মাধ্যমৰ লোক, বাছ-ৰে’ল-অটো চালক আদিৰ লগতে হোম ডেলিভাৰী সেৱা প্ৰদান কৰা লোকসকলৰ দৰে এচাম সাহসী লোকে অহৰহ এই ক’ভিড-১৯ বা কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে। দেশৰ এনে এক সংকটকালীন মুহুৰ্ত্তত এনে সেৱা আগবঢ়াই অহা লোকসকললৈ কৃতজ্ঞতা তথা শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ দি কয় যে অহা ২২ মাৰ্চ তাৰিখে সন্ধিয়া ৫ বজাত দেশৰ প্ৰতিগৰাকী লোকেই নিজ নিজ ঘৰৰ বেলকনি বা দুৱাৰমুখত থিয় হৈ পাঁচ মিনিট সময়ৰ বাবে ৰিং বেল বা হাত চাপৰি বজাই তেওঁলোকক কৃতজ্ঞতা জনাওঁক, ধন্যবাদ জনাওঁক বা প্ৰসংশা কৰক। তেওঁ লগতে সমগ্ৰ দেশৰে ৰাজ্য চৰকাৰসমূহক সন্ধিয়া ৫ বজাৰ লগে লগে এই কাৰ্যৰ সোঁৱৰণৰ বাবে এক চাইৰেন বজাবলৈও অনুৰোধ জনাইছে।

বিশ্বত্ৰাস কৰ’ণা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে সৃষ্টি হোৱা অৰ্থনৈতিক প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ অধীনত এক ‘ক’ভিড-১৯ অৰ্থনৈতিক সাহায্যৰ টাস্ক ফ’ৰ্চ’ গঠন কৰাৰ কথাও ঘোষণা কৰে। এই টাস্ক ফ’ৰ্চটোৱে বিভিন্ন অংশীদাৰৰ সৈতে আলোচনা কৰিব, তেওঁলোকৰ মতামত গ্ৰহণ কৰি, সামগ্ৰিক প্ৰেক্ষাপটৰ বুজ ল’ব আৰু এইবোৰ তথ্যৰ ভিত্তিতে ইতিমধ্যেই উদ্ভৱ হোৱা প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ যাৱতীয় সিদ্ধান্ত গ্ৰহণ কৰিব পৰা যাব। এই টাস্ক ফ’ৰ্চে সংশ্লিষ্ট প্ৰত্যাহ্বানবোৰ নাইকিয়া কৰিবলৈ গ্ৰহণ কৰিবলগীয়া সিদ্ধান্তবোৰ কাৰ্যকৰী কৰাটোও সুনিশ্চিত কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে ব্যৱসায়ী সমাজ আৰু উচ্চ আয়ৰ লোকসকলক আহ্বান জনায় যে তেওঁলোকে যেন বিভিন্ন সেৱা গ্ৰহণ কৰা নিম্ন আয়ৰ লোকসকলৰ অৰ্থনৈতিক প্ৰয়োজনীয়তাৰ দিশবোৰলৈ সুদৃষ্টি ৰাখে বা প্ৰয়োজনবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়ায়। ইফালে প্ৰধানমন্ত্ৰীয়ে এইসকল লোকে এইকেইটা দিনত কৰ্মক্ষেত্ৰলৈ আহিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত সেৱা আগবঢ়াব নোৱাৰাৰ বাবে দৰমহা কৰ্তন নকৰিবলৈও আহ্বান জনায়। এনে এক বিপদসংকুল সময়ত মানৱীয়তাৰ দৃষ্টিভঙ্গীৰে আগবঢ়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে তেওঁ। তেওঁ লগতে দেশবাসীক নিশ্চয়তা প্ৰদান কৰি কয় যে খাদ্য, গাখীৰ, ঔষধ আদিৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত কোনোধৰণৰ নাটনিৰ সৃষ্টি নহয়। গতিকে ভয়াৰ্ত হৈ সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থকাৰ বাবেও দেশবাসীক আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ
মোদীয়ে।

ক’ভিড-১৯ ৰ পৰা পৰিত্ৰাণ পাবলৈ দেশবাসীক একত্ৰিত হৈ কাম কৰা আৰু এই ৰোগ নিৰ্মূলৰ বাবে অৱদান আগবঢ়াবলৈ প্ৰধানমন্ত্ৰীয়ে সকলোকে আহ্বান জনায়। তেওঁ দেশবাসীক কোনো ধৰণৰ ভুৱা বা মিছা তথ্যত পতিয়ন নাযাবলৈও আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে এনে এক বিশ্ব স্তৰত চলি থকা মহামাৰীৰ সময়ত এটা গুৰুত্বপূৰ্ণ দিশ নিশ্চিত কৰিব লাগে, সেয়া হৈছে ‘মানৱীয়তাৰ জয়েই ভাৰতৰ জয়’।