নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৯ মাৰ্চ: ৰাজ্যসভাৰ সাংসদ ৰূপে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে মনোনয়ন কৰিছিল উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধী শৰঞ্জন গগৈৰ নাম। সেই উদ্দেশ্যে আগত ৰাখি বৃহস্পতিবাৰে ৰাজ্যসভাৰ সাংসদৰূপে শপত বাক্য পাঠ কৰে উচ্চতম ন্যায়কয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰঞ্জন গগৈয়ে।

২০১৯ চনৰ নৱেম্বৰ মাহত অৱসৰ লাভ কৰা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ জনৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী লগতে গৃহমন্ত্ৰী অমিত শ্বাহ। ৬৫ বছৰীয়া ৰঞ্জন গগৈ হৈছে একমাত্ৰ ন্যায়াধীশ যাক ৰাষ্ট্ৰপতিয়ে পোনপ্ৰথমবাৰৰ ৰাজ্যসভাৰ সাংসদৰ বাবে মনোনীত কৰিছে। উল্লেখযোগ্য যে, ৰঞ্জন গগৈৰ নেতৃত্বতে ৰাম-মন্দিৰৰ বিবাদ, ৰাফেল বিমান আদিৰ ৰায় দান কৰা হৈছিল।

যোৱা ১৬ মাৰ্চত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ গৰাকীৰ নাম ৰাজ্যসভাৰ সাংসদ ৰূপে মনোনীত কৰাৰ পিছতে সৃষ্টি হৈছিল তুমুল বিতৰ্কৰ।