পলাশবাৰী 

১৪ অক্টোবৰ

“কমলা কলিতা কোন?, কমলা কলিতাক আমি চিনি নাপাও”, “অগপক পলাশবাৰীত মাৰি পেলোৱা নেতা কমলা কলিতাক আমাক নালাগে, আমাক লাগে অগপক জীয়াই তোলা নেতা পংকজক” “কোনো কাৰণতে ক্ষমতা লোভী কমলা কলিতাক পলাশবাৰীৰ ৰাইজে নিবিচাৰে” অগপ নেতা কমলা কলিতাকলৈ এই মন্তব্য পলাশবাৰীৰ শ্বহীদ পৰিয়ালৰ। আছুৰ নেতৃত্বত গঠন হোৱা নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদকো কটাক্ষ কৰে শ্বহীদ পৰিয়ালে।

ৰাজ্যৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ ৩৬ তম প্ৰতিষ্ঠা দিৱসৰ দিনাই শ্বহীদ পৰিয়ালে প্ৰত্যাখ্যান কৰিলে দলটোৰ প্ৰাক্তন মন্ত্ৰী কমলা কলিতাক। ৮৫৫ জন শ্বহীদৰ কেচা তেজৰ বিনিময়ত গঠিত হোৱা আঞ্চলিক দল অসম গণ পৰিষদৰ আজি প্ৰতিষ্ঠা দিৱস আৰু প্ৰতিষ্ঠা দিৱসৰ দিনাই পলাশবাৰী সমষ্টিৰ শ্বহীদৰ পৰিয়ালে প্ৰত্যাখ্যান কৰিলে বহুবল্কী নেতা কমলা কলিতাই অনুষ্ঠিত কৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী। অগপৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই দুটা ভাগত বিভক্ত হোৱা পলাশবাৰী সমষ্টিত পৃথকে পৃথকে দুই অগপ নেতাই অনুষ্ঠিত কৰিলে অগপৰ প্ৰতিষ্ঠা দিৱস। অগপ নেতা কমলা কলিতাই অনুষ্ঠিত কৰা প্ৰতিষ্ঠা দিৱসৰ বিপৰীতে পলাশবাৰীৰ পুৰণি অগপ নেতা পংকজলোচন গোস্বামীয়েও অনুষ্ঠিত কৰিলে আন এখন প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী।পংকজলোচন গোস্বামীৰ প্ৰতিষ্ঠা দিৱসত অংশ লৈ কমলা কলিতা আৰু কেন্দ্ৰীয় অগপ নেতাৰ বিৰুদ্ধে সৰৱ হ’ল শ্বহীদ পৰিয়াল আৰু পুৰণি অগপ নেতা পংকজলোচন গোস্বামী।

আনহাতে কেন্দ্ৰীয় অগপ নেতা কমলা কলিতাই অনুষ্ঠিত কৰা কাৰ্যসূচীত শ্বহীদ পৰিয়ালৰ অনুপস্থিতিৰ বিষয়ে সোধাত গা এৰা মন্তব্য দিয়ে কমলা কলিতাই।