নৱজ্যোতি বৰুৱা

চামগুৰি

১৪ অক্টোবৰ

অৱশেষত তিনিদিনীয়া চাঞ্চল্যৰ যৱনীকা পৰিল চামগুৰিৰ অভিশপ্ত নীলাপানী হ্ৰদত। বুধবাৰে দুপৰীয়া স্থানীয় ৰাইজে হ্ৰদৰ পানীত প্ৰত্যক্ষ কৰে সন্ধানহীন যুৱকজনৰ মৃতদেহ। আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে হ্ৰদৰ পানীৰ পৰা উদ্ধাৰ কৰিলে বিকি কলিতাৰ মৃতদেহ।

নগাঁও জিলাৰ চামগুৰিৰ নীলাপানী হ্ৰদত আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীৰ তিনিদিনীয়া অভিযানৰ পিছত অৱশেষত বুধবাৰে দুপৰীয়াৰ ভাগত উদ্ধাৰ হ’ল বিকি কলিতাৰ মৃতদেহ। নীলাপানী হ্ৰদৰ পানীত গা ধুবলৈ গৈ সন্ধানহীন হোৱা বিকি কলিতাৰ মৃতদেহ বুধবাৰে দুপৰীয়াৰ ভাগত স্থানীয় ৰাইজে হ্ৰদৰ পানীত ওপঙি থকা প্ৰত্যক্ষ কৰে। চামগুৰি আৰক্ষীয়ে এছ ডি আৰ এফ বাহিনীৰ সহযোগত বিকি কলিতাৰ মৃতদেহ পানীৰ পৰা উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। চামগুৰি আৰক্ষীৰ তৎপৰতাত এছ ডি আৰ এফ বাহিনীৰৰ এটা দলে বিগত তিনিদিন ধৰি নীলাপানী হ্ৰদত ডুব যোৱা বিকি কলিতাৰ মৃতদেহ উদ্ধাৰৰ বাবে অভিযান চলাই আছিল।

উল্লেখ্য যে গুৱাহাটীৰ বামুনিমৈদামৰ বিকি কলিতা নামদ যুৱকজন নীলাপানী হ্ৰদৰ মনোমোহা দৃশ্য চাবলৈ ৮ জন বন্ধুৰ সৈতে দেওবাৰে চামগুৰিলৈ আহিছিল। হ্ৰদৰ পানীত সাতুৰিবলৈ গৈ বিকি কলিতা সন্ধানহীন হৈছিল। দুৰ্ভাগ্যজনক ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।