কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ১২ মেঃ বৰপেটা জিলাৰ কলগাছিয়াত শনিবাৰে ২০০ খন বিচনাযুক্ত বৰপেটা অসামৰিক চিকিৎসালয়ৰ নৱনিৰ্মিত ভৱনৰ দুৱাৰ আনুষ্ঠানিক ভাৱে মুকলি কৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পিয়ুষ হাজৰিকাই। বৰপেটা জিলাৰ উপযুক্ত থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত অনুষ্ঠিত দুৱাৰ মুকলি সভাত মন্ত্ৰী পিয়ুষ হাজৰিকাই ভাষণ প্ৰসংগত কয় যে, অটল অমৃত যোজনাৰ অধীনত অসমৰ ৯২% লোক অন্তৰ্ভূক্তি হোৱাৰ লগতে আয়ুষ্মান যোজনাৰ অধীনত ৪২% লোক অন্তৰ্ভূক্তি হব। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে, কলগাছিয়াৰ চিকিৎসালয়খন ৰাইজৰ বাবে অতিকৈ প্ৰয়োজন কাৰণ এইখন চিকিৎসালয়ত দৈনিক ৬০০ ৰ পৰা ৭০০ ৰোগী আহে আৰু অতি শীঘ্ৰে এই চিকিৎসালয়খনত পূৰ্ণ পৰ্যায়ৰ সুবিধা ৰাইজৰ বাবে মুকলি কৰা হব। সভাত জনীয়া সমষ্টিৰ বিধায়ক আব্দুল খালেক, সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ উপস্থিতিত আইআইটি খড়গপুৰত আসন লাভ কৰা কলগাছিয়াৰ গৌৰৱ শুকুৰ মামুদক সম্ভৰ্ধনা জনোৱাৰ লগতে অহা ১৫ মে’ত ১ লাখ টকাৰ সাহায্য প্ৰদান কৰা হব বুলি ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে।