বাক্সা, সংবাদ ৩৬৫, ১২ মেঃ বাক্সা জিলাৰ বৰঘুলিৰ হাটীমুৰাগাঁৱৰ ৰাইজ যোৱা চাৰি দিন ধৰি বিদ্যুৎৰ পোহৰৰ পৰা বঞ্চিত হৈ আছে৷ ৰঙিয়া সংমণ্ডলৰ অন্তৰ্গত বিদ্যুত বিভাগৰ চৰম অৱহেলাৰ ফলত যোৱা চাৰি দিনে আন্ধাৰত থাকিবলগীয়া হৈছে অঞ্চলবাসী৷ কিছুদিন পূৰ্বে অঞ্চলটোত পথাৰৰ মাজত থকা মেইন লাইনৰ এডাল তাৰ ছিঙি পৰাত স্থানীয় ৰাইজে বিদ্যুৎ বিভাগক কেইবাবাৰো অভিযোগ দিয়াৰ পিছতো বিদ্যুৎ বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাত আন্ধাৰত নিশা কটাবলগীয়া হৈছে অঞ্চলবাসী ৰাইজ। ইয়াৰ সমান্তৰালে অঞ্চলটোত বিদ্যুৎ বিভাগৰ আজৱ কৰ্মকাণ্ডই চকু কপালত তুলিছে ৰাইজ। বিদ্যুৎ বিভাগে গ্ৰাহকৰ প্ৰকৃত বিদ্যুৎ মাচুলৰ পৰিৱৰ্তে ৩-৪ গুণকৈ টকা বৃদ্ধি কৰি বিদ্যুৎৰ মাচুল গ্ৰাহকক প্ৰেৰণ কৰাত হাৰাশাস্তি সন্মুখীন হৈছে গ্ৰাহক সকল৷ দীৰ্ঘদিন ধৰি ৰঙিয়া বিদ্যুৎ সংমণ্ডলৰ অন্তৰ্গত বৰঘুলি, হাটীমুৰা,গোৰেশ্বৰত গ্ৰাহকে বিদ্যুৎ মাছুলৰ নামত এইদৰে দুৰ্ভোগ ভুগি আহিছে৷ ৰাইজে অভিযোগ কৰা মতে বিদ্যুৎ বিভাগে এজন বিপিএল গ্ৰাহকৰ পৰা পুৰ্বৰ ১০০-১৫০ টকা বিদ্যুৎ মাচুলৰ পৰিবৰ্তে এতিয়া ৫০০-৬০০ টকাকৈ বৃদ্ধি কৰি বিদ্যুৎ মাচুল প্ৰেৰণ কৰাত ৰাইজ অতিষ্ঠ হৈ পৰিছে।