সোণতলী, সংবাদ ৩৬৫, ১৩ মেঃ দক্ষিণ কামৰূপৰ সোণতলীত কালৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই৷ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত সোণতলীৰ পানীখাইতিৰ কেইবাখনো অনুষ্ঠান প্ৰতিষ্ঠান ইতিমধ্যে বৰলুইতৰ বুকুত জাহ যোৱাৰ পিছত সোণতলীৰ ঐতিহাসিক মাহতলী বজাৰ আৰু কেইবাখনো চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানলৈ ভাবুকি কঢ়িয়াই আনিছে খহনীয়াই৷ সোণতলীৰ পানীখাইতি, পল্লীমংগল, কুচিয়াৰদিয়া, কৰাইখাইতি, আৰিকাটি, গৰৈমাৰী বিলৰজান অঞ্চলত বিগত কেইবাবছৰ ধৰি অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া৷  চপৰা চপৰে নদীৰ পাৰ সমূহ খহি ব্ৰহ্মপুত্ৰৰ বুকুত ইতিমধ্যে কেইবাখনো গাওঁ বিলীন হোৱাৰ লগতে জাহ গৈছে পানীখাইতি নৈপৰীয়া চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ২ নং পানীখাইতি প্ৰাথমিক বিদ্যালয়, লটৰাদিয়া প্ৰাথমিক বিদ্যালয়, পানীখাইতি প্ৰাথমিক বিদ্যালয়কে ধৰি প্ৰায় কুৰিখন চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান৷ কৃষি ভূমি আৰু বাসস্থান হেৰুৱাই হাজাৰৰো অধিক পৰিয়ালে অঘৰীৰ দৰে জীৱন জাপন কৰিবলগীয়া হৈছে। বিগত বছৰবোৰৰ ধৰে এইবেলিও ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাবলৈ ধৰাত চপৰা চপৰে নদীৰ পাৰ সমূহ খহিবলৈ ধৰাত লুইতৰ বুকুত জাহ যাৱলৈ ধৰিছে কৃষি ভূমিৰ আৰু বাসস্থান। বিশেষকৈ ২নং পানীখাইতি তথা চাউৰদিয়াত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত আৰম্ভ হৈছে তীব্ৰ খহনীয়া৷  সম্প্ৰতি এই অঞ্চল সমূহত যি হাৰত ব্ৰহ্মপুত্ৰৰ পাৰ খহিবলৈ আৰম্ভ কৰিছে এইদৰে মাত্ৰ কিছুদিন খহনীয়া অব্যাহত থাকিলে অসমৰ মানচিত্ৰৰ পৰা নাইকীয়া হব বকো সমষ্টিৰ সোণতলীৰ মাহতলী বজাৰৰ লগতে কেইবাখনো অনুষ্ঠান প্ৰতিষ্ঠান। চৰকাৰে বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে পানীখাইতিৰ কিছু অংশত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে যদিওঁ পশ্চিম তথা পূৱ দিশত তীব্ৰ খহনীয় আৰম্ভ হোৱাত অাতংকিত হৈ পৰিছে অ়ঞ্চলবাসী ৰাইজ৷ চৰকাৰে
অতিশীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে পানীখাইতি বজাৰ, আৰিকাটি বজাৰ তথা মাহতলী বজাৰো ব্ৰহ্মপুত্ৰই গ্ৰাস কৰাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। ব্ৰহ্মপুত্ৰৰ খহনীয়াই দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ মেৰুদণ্ড স্বৰূপ সোণতলী অঞ্চলৰ পানীখাইতি, আৰিকাটি, পল্লীমংগল, গৰৈমাৰী বিলৰজান, চাউৰদিয়া, ৰৌমাৰী, মাহতলী, কাছাৰীপাম গাঁৱৰ ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে। ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা পৰিত্ৰান বিচাৰি এতিয়া স্থানীয় ৰাইজে চৰকাৰক কাতৰ আহব্বান জনাইছে।