কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ২৩ মেঃ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী চকীৰ অন্তৰ্গত চতলাৰ চৰত মঙলবাৰে নিশা ভাতৃৰ হাতত ভাতৃ নিহত হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, মঙলবাৰে আছমত আলী নামৰ এজন লোকে নিজ পিতৃৰ লগত কাজিয়াত লিপ্ত হোৱাত নিশাৰ ভাগত আমজাদ আলী, বুলবুল হুছেইন, বদিউদ জামান, মৈবন নেছা আৰু ছজিৰণ নেছাই আছমত আলীক লাঠিৰে আক্ৰমণ কৰি গুৰুত্বৰ ভাবে আহত কৰে। আহত আছমত আলীক স্থানীয় ৰাইজে গোৱালপাৰা অসমৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাত আছমত আলীৰ মৃত্যু ঘটে। আৰক্ষীয়ে।ঘটনাৰ সংক্ৰান্তত আমজাদ আলী, মৈবন নেছা আৰু ছজিৰণ নেছা গ্ৰেপ্তাৰ হৈছে যদিও আন দুজন ক্ৰমে বুলবুল হুছেইন আৰু বদিউদ জামান পলাতক অৱস্থাত আছে।