গুৱাহাটী, সংবাদ ৩৬৫, ২৩ মেঃ শিক্ষকৰ ৰূপত দ্বিতীয় ইনিংছ আৰম্ভ কৰিছে ৰাজ্যৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান মোকেশ সহায়। চলিত বছৰৰ ৩০ এপ্ৰিলত অসম আৰক্ষী সঞ্চালক প্ৰধানৰূপে অৱসৰ গ্ৰহণ কৰাৰ পিছতে মোকেশ সহায় ব্যস্ত হৈ পৰিছে এখন বিদ্যালয়ত অংকৰ শিক্ষক হিচাপে। অসম আৰক্ষীৰ বৰমূৰীয়া হিচাপে কৰ্মজীৱন শেষ হোৱাৰ পিছত বিলাসিতাপূৰ্ণ এটা অৱসৰৰ জীৱনে তেওঁক চৌপাশৰ পৰা হাত বাউলি মাতি আছিল যদিও সকলোৰে অজ্ঞাতে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে আৰম্ভ কৰিলে এটা ব্যতিক্ৰমি জীৱন৷ অৱসৰ গ্ৰহণৰ পিছদিনাই ৰাজ্যৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান মোকেশ সহায় অংকৰ শিক্ষক হিচাপে জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰে গুৱাহাটীৰ ভৰলুমুখৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত৷ অৱসৰ গ্ৰহণ কৰাৰ পিছত প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গৰাকীক ফোন কৰি বিদ্যালয় খনত শিক্ষক হিচাপে কাম কৰাৰ আগ্ৰহ প্ৰকাশ কৰে আৰু প্ৰতিদিনেই পুৱা স্কুলখনলৈ গৈ তেওঁ উচ্চতৰ মাধ্যমিক শ্ৰেণীত দুটাকৈ অংকৰ ক্লাচ কৰে৷ উল্লেখ্য যে সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় খনত যোৱা দুবছৰ ধৰি অংকৰ শিক্ষক নথকাৰ কথা জানি বিদ্যালয় খনত অংকৰ শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। এসময়ৰ অসম আৰক্ষী সঞ্চালক প্ৰধান এতিয়া সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ’অংকৰ চাৰ’।