বাক্সা, সংবাদ ৩৬৫, ২৩ মেঃ বাক্সা জিলাৰ কুমাৰীকাটাত আছুয়ে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰমেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰি পেট্ৰ’ল আৰু ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। বিগত সময়চোৱাত সঘনাই পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত সৰ্বসাধাৰণ ৰাইজ মূৰে কপালে হাত দিব লগা হোৱাত আছুয়ে ভাৰত ভূটান সীমান্তৰ কুমাৰীকাটাত ৰাজপথৰ ওপৰত পেট্ৰলিয়াম মন্ত্ৰী ধৰমেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে পেট্ৰ’ল আৰু ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গুৱাহাটীৰ ৰাজপথত ৰিক্সা চলাই প্ৰতিবাদ সাব্যস্ত কৰিছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ৰাজীৱ ভৱনৰ পৰা ৰিক্সা চলাই কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰখনক সমালোচনা কৰি মন্তব্য প্ৰকাশ কৰিছিল যে কংগ্ৰেছ চৰকাৰৰ দিনত আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য অধিক হোৱা স্বত্তেও কংগ্ৰেছ চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য নিয়ন্ত্ৰণ কৰি ৰাখিছিল কিন্তু বৰ্তমান আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য হ্ৰাস হোৱাৰ পিছতো কিয় মোদী চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য নিয়ন্ত্ৰণ কৰিব পৰা নাই। পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে যোৱা দেওবাৰে পূৰ্বৰ কংগ্ৰেছ চৰকাৰ ২০১৩ চনৰ ৰেকৰ্ড ভংগ কৰি নতুন ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল। তেল কোম্পানী সমূহে কৰ্ণাটকৰ নিৰ্বাচনৰ বাবে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি স্থগিত ৰখাৰ পিছত যোৱা ১৪ মে’ৰ পৰা প্ৰতিদিনে পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধি হৈ আছে।