নগাঁও, সংবাদ ৩৬৫, ২৪ মাৰ্চ: সমগ্ৰ ৰাজ্যৰ লগতে দেশক জোকাৰি যোৱা নগাঁৱৰ ১৩ বছৰীয়া কিশোৰী ধর্ষণ আৰু হত্যা কাণ্ডৰ মূল অভিযুক্ত জাকিৰ হুছেইনৰ বাসগৃহত শনিবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অঞ্চলটোৰ স্থানীয় ৰাইজে শনিবাৰে জাকিৰ হুছেইনৰ বাসগৃত উপস্থিত হৈ জাকিৰ হুছেইনৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। উল্লেখ্য যে, শুক্ৰবাৰে নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী চকীৰ অন্তগর্ত ধনীয়াভেটীৰ লালুং গাঁৱত এগৰাকী ১৩ বছৰীয়া নাবালিকাক দলৱদ্ধ ধৰ্ষণ কৰি কেৰাচিন তেল ঢালি হত্যাৰ কৰে তিনিজনকৈ ধর্ষণকাৰীয়ে। ঘৰত কোনো নথকাৰ সুযোগলৈ একেখন অঞ্চলৰে তিনি পাষণ্ডই এগৰাকী ১৩ বছৰীয়া নাবালিকাক ঘৰৰ পৰা পথাৰলৈ উলিয়াই আনি দলৱদ্ধ ধৰ্ষণ কৰি নাবালিকা গৰাকীৰ গাত কেৰাচিন তেল ঢালি জ্বলাই দিয়ে। শৰীৰত জুই লগত নাবালিকা গৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় একাংশ লোকে তেজে লুতুৰি পুতুৰি অৱস্থাত কিশোৰী গৰাকীক উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে যদিও উচ্চ চিকিৎসাৰ বাবে কিশোৰী গৰাকীক গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰা হয়। শৰীৰৰ ৯০ শতাংশ অগ্নিদগ্ধ হোৱা কিশোৰী গৰাকীক সংকটজনক অৱস্থাত গুৱাহাটীলৈ অনাৰ পথত মৃত্যু হয়। এনে জঘন্য কাণ্ড সংঘটিত কৰি তিনি নৰপিশাচ ক্ৰমে জাকিৰ হুছেইন, ৰুহুল আমিন আৰু এমদাদুল হক নিজৰ নিজৰ পৰিয়ালসহ পলায়ন কৰে যিদিও আৰক্ষীয়ে এমদাদুল হক আৰু ৰুহুল আমিনক গ্ৰেপ্তাৰ কৰিছে কিন্তু মূল অভিযুক্ত জাকিৰ হুছেইনক আৰক্ষীয়ে বৰ্তমানেও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।