কলগাছিয়া, সংবাদ ৩৬৫, ২১ ফেব্ৰুৱাৰী : শুকুৰবাৰে কলগাছিয়া মহকুমা সাংবাদিক সংস্থাৰ নৱ নিৰ্মিত ভৱনৰ শুভ উদ্ধোধন কৰে বৰপেটা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰুপম হাজৰিকাই। মহকুমা সাংবাদিক সংস্থাৰ ভৱন উদ্ধোধন উপলক্ষে এখন সম্বৰ্ধনা সভাৰো আয়োজন কৰা হয়।

সন্থাৰ সভাপতি আলহাজ আব্দুল হাইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত জনীয়া সমষ্টিৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলাম, ৰূপসী প্ৰাথমিক শিক্ষা বিষয়া পৰেশ শৰ্মা, সন্থাৰ উপদেষ্টা বিশিষ্ট সমাজ কৰ্মী আতোৱাৰ ৰহমান, কে আই কে মেমৰিয়েল হাই মাদ্ৰাছাৰ অধীক্ষক এম কোব্বাদ আলী, ৰূপসী আঞ্চলিক পঞ্চায়ত সভাপতি জাকিৰ হুছেইন, আঞ্চলিক সদস্য গিয়াছ উদ্দিন, মতিউৰ ৰহমান, হাজোৰ বিশিষ্ট সমাজ কৰ্মী আলহাজ দেৱান নুৰ ইছলাম, কলগাছিয়া ছোৱালী হাই স্কুলৰ প্ৰধান শিক্ষক আব্দুৰ ৰহমান, মইনবড়ী প্ৰেছ ক্লাৱৰ সভাপতি আলতাফ হুছাইনৰ লগতে কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। উক্ত অনুষ্ঠানত বৰপেটা জিলা আৰক্ষী অধীক্ষক ড০ ৰবীন কুমাৰ উদ্ধোধক হিচাপে উপস্থিত থকাৰ কথা আছিল যদিও হঠাৎ গুৱাহাটীলৈ যাবলগীয়া হোৱাত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে সভাত উপস্থিত হৈ নৱ নিৰ্মিত ভৱনৰ দ্বাৰ মুকলি কৰাৰ লগতে এক গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰি সাংবাদিক সকলক সত্য নিষ্ঠাৰে বাতৰি পৰিবেশন কৰি সমাজ তথা দেশ গঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আহ্বান জনায়। সভাত বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামে ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতি ও বিশেষকৈ কলগাছিয়াৰ সাংবাদিক সকলৰ অগ্ৰগতি সম্পৰ্কে এক গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে। সভাত সাংবাদিক সংস্থাৰ সমস্যা সমুহ পৰ্যায় ক্ৰমে সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰে বিধায়ক গৰাকীয়ে। উল্লেখযোগ্য যে সেই সময়ৰ
বিধায়ক তথা বৰ্তমানৰ বৰপেটা লোক সভা সমষ্টিৰ সাংসদ আব্দুল খালেকে কলগাছিয়া মহকুমা সাংবাদিক সংস্থাৰ ভৱন নিৰ্মাণৰ বাবে ২০১৬-১৭ বৰ্ষত বিধায়ক পূজিৰ ডেৰ লাখ টকা আবন্টন দিছিল। উক্ত ধনেৰে সন্থাৰ কাৰ্যালয় নিৰ্মাণ কৰা হয় যদিও আৰু বহু সমস্যা সমাধান কৰাৰ বাবে আৰু অধিক ধনৰ প্ৰয়োজন আছে বুলি সন্থাৰ সভাপতি গৰাকীয়ে উল্লেখ কৰে।

সভাৰ জৰিয়তে স্থানীয় বিধায়ক ড০ হাফিজ ৰফিকুল ইছলাম আৰু জনীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ বৰপেটাৰ সাংসদ আব্দুল খালেকক সন্থাৰ সমস্যা সমুহ সমাধান কৰাৰ বাবে সুদৃষ্টি কামনা কৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সন্থাৰ সাধাৰণ সম্পাদক ৰকিবুল হাছানে। শলাগৰ শৰাই আগবঢ়ায় সাংবাদিক আবুল হুছাইন আৰু সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰে সাংবাদিক নজৰুল ইছলামে।