দক্ষিণ শালমাৰা-মানকাচৰ, সংবাদ ৩৬৫, ২০ ফেব্ৰুৱাৰী: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানুল্লাপাৰাত ভয়াবহ অগ্নিকাণ্ড। হাৰ্ডওৱেৰৰ দোকানত সংঘটিত হোৱা অগ্নিকাণ্ডত জাহ যায় লক্ষাধিক মূল্যৰ সামগ্ৰী।

বৃহস্পতিবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানুল্লাপাৰা তিনিআলি বজাৰত এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। মানুল্লাপাৰা তিনিআলি বজাৰত থকা ফকীৰচন্দ নামৰ হাৰ্ডওৱেৰৰ দোকান এখনত বিদ্যুৎ বিজুতিৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত হাৰ্ডওৱেৰৰ দোকানখনত থকা লক্ষধিক টকা মূল্যৰ সামগ্ৰী জুইত ভস্মীভূত হোৱা বুলি জানিবলৈ পোৱা যায়। অগ্নিকাণ্ডৰ খবৰ পাই অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোহত জুই নুমোৱাবলৈ সক্ষম হয়।