নগাঁৱৰ পৰা পিংকি শইকীয়া, ২৩ মাৰ্চ : নগাঁও জিলা আৰক্ষীয়ে অপৰাধজনিত কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলাই থকাৰ পিছতো জিলাখনত অবৈধ মাৰনাস্ত্ৰৰ লৈ দুৰ্বৃত্তই অপৰাধজনীত কাৰ্যকলপা অব্যাহত ৰাখিছে। দীৰ্ঘদিন ধৰি জিলাখনৰ বিভিন্ন অঞ্চলত একাংশ অপৰাধী চক্ৰই অবৈধ মাৰনাস্ত্ৰৰ ব্যৱসায় চলাই থকাৰ লগতে অস্ত্ৰ সৰবৰাহ কৰি আহিছে। শুক্ৰবাৰে জিলাখনত অবৈধ ভাবে মাৰনাস্ত্ৰ সৰবৰাহ কৰা এজন কুখ্যাত অপৰাধী আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হোৱাৰ লগতে এজন দুৰ্বৃত্ত‌ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত নগাঁও অাৰক্ষী নিৱেশৰ সভাগৃত আজি  আয়োজন কৰা এক সংবাদ মেলত আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে কয় যে মাৰনাস্ত্ৰ সৰবৰাহকাৰী এটা দলে অস্ত্ৰ বিক্ৰীৰ বাবে নগাঁও চহৰৰ পৰা ৰূপহীহাট অভিমুখে যোৱাৰ খবৰ লাভ কৰি নগাঁৱৰ আৰক্ষীয়ে মহখুলী অঞ্চলত এখন ৰঙা নম্বৰপ্লেট বিহীন পালছাৰ ২২০ বাইকৰে সন্দেহজনক ভাবে অহা দুজন লোকক ৰখিবলৈ ইংগিত দিয়াত বাইক আৰোহী দুজন পলাবলৈ চেষ্টা কৰে। আৰক্ষীয়ে পিছত  ইয়াৰে এজনক কৰায়ত্ত কৰে যদিও আনজনে দৌৰি পলাবলৈ চেষ্টা কৰি আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে। ইয়াৰ প্ৰত্যুত্তৰত আৰক্ষীয়েও দুৰ্বৃত্তটোলৈ লক্ষ্য কৰি গুলীচালনা কৰাত দুৰ্বৃত্তটো গুলীবিদ্ধ হৈ মাটিত ঢলি পৰে। পিছত দুৰ্বৃত্তটোক চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে দুৰ্বৃত্তজনৰ মৃত্যু হোৱা বুলি আৰক্ষীক জানিবলৈ দিয়ে। আৰক্ষীৰ গুলীত নিহত হোৱা লোকজন নগাঁও চহৰৰ এক নম্বৰ মোল্লাপট্টিৰ ৰমজান আলি বুলি চিনাক্ত কৰা হৈছে। আনহাতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা আনজন দুৰ্বৃত্তটো হোজাই জিলাৰ লংকা থানাৰ অন্তৰ্গত টেনতলী গাৱঁৰ আলিম উদ্দিন বুলি জানিব পৰা গৈছে। আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰা আলিম উদ্দিনৰ মোজাত লুকুৱাই ৰখা হস্ত নিৰ্মিত এটা ৭.৬৫ এম এম পিষ্টল, তিনি জাই সজীৱ গুলি আৰু এটা মবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে, নিহত ৰমজান আলীৰ পৰাও আৰক্ষীয়ে হস্ত নিৰ্মিত এটা পিষ্টল আৰু এটা মবাইল ছেট উদ্ধাৰ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে দুৰ্বৃত্ত‌ দুজনে ম’হখুলি অঞ্চলত ১২ লাখ টকাৰ বিনিময়ত মাৰনাস্ত্ৰ কেইটা বিক্ৰী কৰাৰ বাবে আনিছিল সৰবৰাহ কৰিছিল। আৰক্ষীৰ গুলীত নিহত হোৱা ৰমজান আলী এজন দুৰ্ধষ ডকাইত আছিল আৰু তেওঁৰ বিৰুদ্ধে ইতিমধ্যে নগাঁও সদৰ আৰক্ষী থানাত ৮১/০৩ আৰু ১৪০৯/১৫ নম্বৰত দুটাকৈ অপৰাধজনিত গোচৰ ৰুজু হৈ আছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুৰ্বৃত্তটোক অধিক তথ্য উৎঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে।