মাজুলী, সংবাদ ৩৬৫, ১২ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত হৈ থকা সময়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই ক্ষেত্ৰত মৌনতা অৱলম্বন কৰাত ক্ষোভিত হৈ পৰিছে ৰাজ্যবাসী। মুখ্যমন্ত্ৰীৰ মৌনতাত ক্ষোভিত হৈ স্বয়ং মুখ্যমন্ত্ৰীৰ সমষ্টিতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উঠিছে প্ৰতিবাদৰ জোৱাৰ। শনিবাৰে মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত নাগৰিকত্ব সংশোধনী বিধেয়নী বাতিলৰ দাবীত চুতীয়া ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি খেৰকটীয়া নদীত এখন কল গছৰ ভোৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমুৰ্তিক বহুৱাই বাংলাদেশলৈ বুলি উটুৱাই দিয়ে। চুতীয়া ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে প্ৰতিবাদী শ্লোগানেৰে খেৰকটীয়া নৈৰ পাৰ উত্তাল কৰি তোলে।