ধুবুৰী,  সংবাদ ৩৬৫, ১২ মেঃ ধুবুৰী জিলাৰ ভাৰত বাংলা সীমান্তত এক চঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ অমিনেৰ চৰৰ বাসিন্দা শুকুৰ আলিৰ পুত্ৰ ছফিয়ৰ ৰহমানে প্ৰথমা পত্নী আৰু দুগৰাকী সন্তানসহ ধুবুৰীৰ চহৰৰ বাহাদুৰটাৰীত বসবাস কৰাৰ পৰিবৰ্তে আঠ মাহ পূৰ্বে বিয়া সম্পন্ন কৰা দ্বিতীয় পত্নী আমীনা খাতুনক অমিনেৰ চৰৰতে থাকিবলৈ দিয়ে। আঠ মাহ পূৰ্বে দ্বিতীয় বিবাহ সম্পন্ন কৰা ছফিয়ৰ ৰহমানে বিয়াৰ পিছেৰে পৰা দ্বিতীয় পত্নীক গুৰুত্ব প্ৰদান নকৰা আৰু শৰীৰক নিৰ্যাতন চলোৱাত ক্ষোভিত হৈ শুক্ৰবাৰৰ নিশা ছফিয়ৰ ৰহমানে অমিনেৰ চৰত থকা দ্বিতীয় পত্নীৰ ওচৰলৈ যোৱাত নিশা শুই থাকোতে দ্বিতীয় পত্নীয়ে ছফিয়ৰ ৰহমানৰ গুপ্তাঙ্গ ছেদ কৰে। ঘটনাৰ পিছত ছফিয়ৰ ৰহমানৰ পৰিয়ালৰ লোকে দ্বিতীয় পত্নীক আটক কৰি আৰক্ষীক গতাই দিয়ে। ছফিয়ৰ ৰহমানে উল্লেখ কৰা মতে, সন্তানৰ বেমাৰ থকাৰ বাবে কিছুদিন অমিনেৰ চৰত যাব নোৱাৰাত ক্ষুণ্ণ হৈ দ্বিতীয় পত্নীয়ে নিশা ব্লেডেৰে গুপ্তাঙ্গ ছেদ কৰে ।