ৰঙিয়া, সংবাদ ৩৬৫, ১২ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতা কৰি শনিবাৰে ৰঙিয়াত বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৰঙিয়াৰ কৃষক ভবনত বিভিন্ন দল সংগঠনৰ লগতে কেইবা সহস্ৰাধিক ৰাইজ উপস্থিত হৈ ‘ৰণদিয়া ৰঙিয়া’ৰ আহ্বানত নগৰখনত এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াই। জাতিদ্ৰোহী বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদকাৰী সকলে নাগৰিক সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক, ‘জাতিধ্বংস কৰিব খোজা সিদ্ধান্ত প্ৰত্যাহাৰ কৰক, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নিৰবতা ভংগ কৰক, বাংলাদেশীক সংস্থাপিত কৰিবলৈ দিয়া নহব, অসম বাংলাদেশীৰ চৰণীয়া পথাৰ হবলৈ দিয়া নহব ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে। বিধেয়কখন সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ভূমিকাক তীব্ৰ ভাষাৰে সমালোচনা কৰি প্ৰতিবাদকাৰী সকলে সমদলৰ অন্তত দণ্ডাধীশৰ জৰিয়তে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰোধিতা কৰি উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।