কোকৰাঝাৰ পৰা মামুন আলী, সংবাদ ৩৬৫, ৬ জুন : কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত কাজিগাঁও বজাৰত চুৰিকাণ্ড। কাজিগাঁও আৰক্ষী চকীৰ নিচেই ওচৰত থকা মোবাইল দোকানৰ তলা ভাঙি চোৰে লুটি নিলে একলাখ টকাতকৈ অধিক মূল্যৰ সামগ্ৰী।

কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত কাজিগাঁও বজাৰত শুকুৰবাৰে নিশা সংঘটিত হয় এক চুৰিকাণ্ড। কাজিগাঁও আৰক্ষী চকীৰ নিচেই কাষতে থকা কাজিগাঁও বজাৰৰ আৰিয়ান মোবাইল নামৰ এখন দোকানৰ তলা ভাঙি চোৰে লুটি নিয়ে এক লাখতকৈ অধিক মূল্যৰ সামগ্ৰী। উল্লেখ্য যে, প্ৰয়া এমাহ পূৰ্বেও দোকানখনত অনুৰূপ ধৰণে চুৰিকাণ্ড সংঘটিত হৈছিল। পূৰ্বৰ চুৰিকাণ্ডৰ পিছতে কাজিগাঁও বজাৰত ব্যৱসায়ী সকলে নিজৰ টকাৰে এজন চকীদাৰ নিয়োগ কৰিছিল।

এতিয়া প্রশ্ন হ’ল আৰক্ষী চকীৰ নিচেই কাষতে বজাৰখন থকাৰ লগতে নিশাৰ ভাগত চকীদাৰ থকাৰ পিছতো বজাৰখনত কেনেকৈ বাৰে বাৰে চুৰিকাণ্ড সংগঠিত হয়। ইতিমধ্যে মোবাইল দোকানৰ গৰাকী ৰবিনুৰ ইছলামে চুৰিকাণ্ড সন্দৰ্ভত কাজিগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।